বিহপান কৰোৱাই দাউদ ইব্ৰাহিমক হত্যাৰ চেষ্টা; সম্প্ৰতি কৰাচীত চিকিৎসাধীন

0

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰঃ আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিম তেওঁৰ ব্যাপক অপৰাধমূলক কাৰ্যকলাপৰ বাবে জনাজাত । সম্প্ৰতি তেওঁক পাকিস্তানৰ কৰাচীত এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি তেওঁক বিষাক্ত দ্ৰব্য সেৱন কৰোৱাই হত্যা কৰাৰ চেষ্টা চলেৱা বুলি আশংকা কৰা হৈছে । অৱশ্যে তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱাৰ কাৰণ সম্পৰ্কে কোনো আনুষ্ঠানিক নিশ্চিতি নাই।

এই সমগ্ৰ পৰিস্থিতিটো গোপনীয়তাৰ মাজত ৰখা হৈছে । এই তথ্য কেৱল চিকিৎসালয়ৰ শীৰ্ষ কৰ্তৃপক্ষ আৰু তেওঁৰ নিকট পৰিয়ালৰ সদস্যসকলৰ মাজতে সীমাবদ্ধ বুলি সুত্ৰই প্ৰকাশ কৰিছে ।

১৯৫৫ চনৰ ২৬ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা দাউদ ইব্ৰাহিম তেওঁ কুখ্যাত ডি-কোম্পানীৰ মুৰব্বী। তেওঁৰ অপৰাধী চিণ্ডিকেট এতিয়াও ভাৰতত সক্ৰিয় হৈ আছে, বিশেষকৈ মুম্বাইত । য’ত ই ড্ৰাগস সৰবৰাহ, অস্ত্ৰ চোৰাং ব্যৱসায় আৰু নকলৰ দৰে বিভিন্ন অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত।

গ্লোবেল টেৰৰিজম ইণ্ডেক্সে (জিটিআই) আল-কায়দাকে ধৰি বিশ্বব্যাপী সন্ত্ৰাসবাদী গোটসমূহৰ সৈতে ডি-কোম্পানীৰ শক্তিশালী সম্পৰ্কৰ থকা বুলি জানিব পৰা গৈছে ।

১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণকে ধৰি ভাৰত চৰকাৰে তেওঁক একাধিক অপৰাধৰ বাবে কৰায়ত্ত কৰিবলৈ প্ৰচেষ্টা চলাই আছে । কিন্তু দাউদ ইব্ৰাহিমে পাকিস্তানত আত্মগোপন  কৰি আছে । খবৰ অনুসৰি কৰাচীত তেওঁৰ নিৰাপত্তা পাকিস্তানৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাৰ দ্বাৰা পৰিচালিত হয় ।

Share to your Social Account

Leave a Reply

Your email address will not be published. Required fields are marked *