NCPৰ মুৰব্বী শাৰদ পাৱাৰক হত্যাৰ ভাবুকি

“অভিযুক্তজনক সাগৰ বাৰ্ভে বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ এটা আইটি কোম্পানীত কাম কৰে,” আৰক্ষীয়ে দেওবাৰে কয়।

Share to your Social Account

নেশ্যনেল ডেস্ক, ১২ জুনঃ মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত পুনেৰ পৰা এজন ৩৪ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । “অভিযুক্তজনক সাগৰ বাৰ্ভে বুলি চিনাক্ত কৰা হৈছে আৰু তেওঁ এটা আইটি কোম্পানীত কাম কৰে,” আৰক্ষীয়ে দেওবাৰে কয়। তেওঁক এখন আদালতত হাজিৰ কৰি ১৩ জুনলৈকে ন্যায়িক জিম্মাত লৈছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে, অভিযুক্তজনে এনচিপি ৰ চুপ্ৰিমোলৈ মৃত্যুৰ ভাবুকি প্ৰেৰণ কৰাৰ বাবে দুটা ভুৱা ছ’চিয়েল মিডিয়া একাউণ্ট সৃষ্টি কৰিছিল। “মুম্বাই অপৰাধ শাখাই এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰক ভাবুকি দিয়াৰ সন্দৰ্ভত পুনেৰ পৰা এজন ৩৪ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

Share to your Social Account