১১ লাখ নিবনুৱাক লৈ আকৌ ল’ৰা-ধেমালি ছেবাৰ; নীতি উলংঘাৰে অনুষ্ঠিত হ’ল ADRE পৰীক্ষা; কিয় লৈ আনিবলৈ দিয়া নহ’ল প্ৰশ্নকাকত ?
নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ ১১ লক্ষাধিক নিবনুৱা লোকে দেওবাৰে অৱতীৰ্ণ হ’ল অসম চৰকাৰৰ ADRE পৰীক্ষাত । নিযু্ক্তি পৰীক্ষাত অহা কিছু প্ৰশ্নক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ মাজতে এই পৰীক্ষাক লৈ উত্থাপিত হৈছে আন এক ডাঙৰ অভিযোগ । বহু লোকে ছেবাই অনুষ্ঠিত কৰা এই পৰীক্ষাত সন্দেহৰ গোন্ধ পাইছে । কিয়নো পৰীক্ষা নীতি সম্পূৰ্ণভাৱে উলংঘা কৰিলে ।
সামাজিক মাধ্যমযোগ জিণ্টু শৰ্মা নামৰ খোদ এগৰাকী পৰীক্ষাৰ নিৰীক্ষকে উল্লেখ কৰিছে এই কথা । তেওঁ কয়, “আজি হৈ যোৱা ADRE ৰ প্ৰসংগত দুটামান মনৰ কথা/ চিন্তা:
আমি জীৱনত বহু omr যুক্ত, বহুবিকল্পী পৰীক্ষা দেখিছোঁ, দিছোঁ, সফলো হৈছো, পৰীক্ষা চলাইছো, পৰীক্ষাত নিৰীক্ষক হিচাপে নিজৰ দায়িত্ব পালন কৰিছোঁ। বহু লোক এই বিষয়ে অৱগত, অভ্যস্ত। আজি হৈ যোৱা পৰীক্ষাৰ দুটামান কথাই মনটো খুন্দিয়াই আছে। আজিও নিৰীক্ষক হিচাপে আছিলোঁ।
মনৰ তাগিদাত কথা কেইটামান উল্লেখ কৰিলোঁ। ভুল হ’লে আঙুলিয়াই দিব।
ক) এইবাৰ omr ত পৰীক্ষাৰ্থীৰ সম্পূৰ্ণ তথ্য – নাম, ৰোল নং, আনেকি ফটো পৰ্যন্ত চপোৱা হৈছে যাক ‘পাৰ্চনেলাইজড ওএম আৰ’ বোলে। যিটো কিন্তু পৰীক্ষাৰ মূল নীতিৰ সম্পূৰ্ণ পৰিপন্থী। কাৰণ পৰীক্ষকে কোনো কাৰণতে পৰীক্ষাৰ্থী ৰ পৰিচয় গম পোৱা উচিত নহয়। যিটো ইয়াত সম্পূৰ্ণ ওলোটা। আমি সাধাৰণতে পাতি থকা ল’ৰা ছোৱালী বোৰৰ পৰীক্ষাতো কেৱল ৰোল নংহে থাকে। য’ত পৰীক্ষকে পৰীক্ষাৰ্থী ৰ পৰিচয় পোৱাৰ কোনো সম্ভাৱনা নাথাকে। যিটোৱে পৰীক্ষণ প্ৰক্ৰিয়াত পৰীক্ষকক বিচলিত নকৰে। এইটোতো চাকৰিৰ বাবে পৰীক্ষা। তেন্তে চেবাই কেনেকৈ এই প্ৰসংগ এৰাই চলিব? কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ।
খ) এই পৰীক্ষাত পৰীক্ষাৰ্থীক নিজৰ নিজৰ প্ৰশ্ন কাকত কিয় নিবলৈ দিয়া নহ’ল? ইয়ো আমাৰ বাবে সাঁথৰ হৈ থাকিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত এনে কেতিয়াও নকৰে। নিব দিলেহে ভুল/ শুদ্ধ গম পালে হয়।
গ) পৰীক্ষাৰ্থী ক যদি তেওলোকে পূৰ কৰা omr ৰ নকল কপি নিব দিলে হয় তেন্তে তেওলোকে নিজৰ প্ৰশ্ন ৰ লগত মিলাই কিমানটা উত্তৰ শুদ্ধ/ভুল হৈছে নিজেই নিৰূপণ কৰিব পাৰিলে হয়। কাৰন নিজৰ উত্তৰৰ ভিত্তিত কিমাননো নম্বৰ পালে সেইটো জনাৰ হেঁপাহ / অধিকাৰ সকলোৰে আছে। যিয়ে পৰীক্ষাটোও অধিক স্বচ্ছ কৰিতোলে। যিটো NET, SLET আদিকৰি বহু পৰীক্ষাত কৰে।
কিন্তু এতিয়া, পৰীক্ষাৰ্থীৰ হাতত একো নাই, না প্ৰশ্ন, না উত্তৰ…! এতিয়া পৰীক্ষাৰ্থীয়ে পোৱা নম্বৰ (যদি ফলাফলত নম্বৰ দিয়ে, যোৱাবাৰ বোধকৰোঁ নম্বৰো নিদিলে) যে সঠিক সেয়া কেনেকৈ গম পাব? গম পোৱাৰ কোনো সম্ভাৱনাই নাই। যিয়ে হয়টো ক’ৰবাত নহয় ক’ৰবাত পৰীক্ষাটোৰ স্বচ্ছতাৰ ওপৰত প্ৰশ্ন তুলিব পাৰে, যিটো কিন্তু অনৰ্থক প্ৰশ্ন নহয়।”
গতিকে এই কথাসমূহে স্বাভাৱিকতে পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতাক লৈ প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি কৰিছে ।