তিনিচুকীয়া জিলাত আগন্তুক সাম্ভাব্য বান পৰিস্থিতিত ব্যাহত নহয় অত্যাৱশ্যকীয় খাদ্য  সামগ্ৰীৰ যোগান

তিনিচুকীয়া, ১১ জুন: আগন্তুক সাম্ভাব্য বান পৰিস্থিতিৰ সময়চোৱাত তিনিচুকীয়া জিলাত যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি নহয় তাৰ বাবে  তৎপৰ হৈ পৰিছে খাদ্য আৰু অসামৰিক যোগান বিভাগ। জিলা আয়ুক্ত স্বপ্নীল পালৰ নিৰ্দেশ ক্ৰমে কালি  বিয়লি  জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। 

তিনিচুকীয়া জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত চিন্ময় পাঠকৰ সভাপতিত্বত অনুষ্ঠিত খাদ্য, ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত সভাখনত জিলাখনৰ খাদ্য, অসামৰিক যোগান বিভাগৰ বিষয়া সকল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগানৰ লগত জড়িত সমূহ ব্যৱসায়ীসকল, ভাৰতীয় খাদ্য নিগমৰ বিষয়া, ৰন্ধন গেছ বিতৰক আৰু পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীসকল,  খাদ্য সামগ্ৰী যোগানৰ লগত জড়িত পৰিবহন সংস্থা, ৰেলৱে বিভাগৰ বিষয়া আৰু আভ্যন্তৰীণ জল পৰিবহনৰ বিষয়া  উপস্থিত থাকে।

সভাখনৰ আহ্বায়ক খাদ্য, ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক  বিৰিঞ্চি কুমাৰ দত্তই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি জনাই যে যিকোনো আকস্মিক দুৰ্যোগ বা বানপানীৰ সময়ছোৱাত জিলাখনত যাতে কোনো অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনি হ’ব নোৱাৰে তাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণৰ বাবে  সিদ্ধান্ত লবৰ বাবে সভাখন আহ্বান কৰা হৈছে।

এনে অৱস্থাৰ সুযোগ লৈ কোনো কাৰণতে কোনো ব্যৱসায়ীয়ে অবৈধ মজুতকৰণ আদিৰ দৰে অনৈতিক কাৰ্য্যৰ আশ্ৰয় লৈ যাতে কৃত্ৰিম নাটনিৰ সৃষ্টি নকৰে তাৰ বাবে সকলোকে তেখেতসকলৰ দৈনিক সামগ্ৰী মজুত তথা দৰৰ তালিকা পুৱা ১০ বজাৰ ভিতৰত কাৰ্যালয়ত জমা দিব লাগিব বুলি জনায়।

সভাত উপস্থিত থকা ধান আৰু আটা মিলৰ স্বত্বাধিকাৰী সকলকো জিলা আয়ুক্ত‌ই দিয়া নিৰ্দেশ অনুসৰি পশুখাদ্যৰ বাবে পৰ্যাপ্ত পৰিমানে চাউল আৰু ঘেহুৰ ভুচি  মজুত ৰাখিবলৈ আহ্বান জনোৱা হয়।

সভাত ভাৰতীয় খাদ্য নিগমৰ  তৰফৰ পৰা পৰ্য্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰী মজুত থকাৰ কথাও অৱগত কৰে। তিনিচুকীয়া চেম্বাৰছ অব কমাৰ্চৰ সভাপতি  কোনো কাৰণতে খাদ্য সামগ্ৰীৰ নাটনি নহব বুলি সভাত আশ্বাস প্ৰদান কৰে।

পেট্ৰল পাম্পৰ আৰু গেছ এজেঞ্চি স্বত্বাধিকাৰী সকলেও আশ্বাস দিয়ে যে কোনো কাৰণতে তেখেত সকলে সমগ্ৰীসমূহৰ নাটনি হ’বলৈ নিদিয়ে।

সভাৰ অন্তত অতিৰিক্ত জিলা আয়ুক্ত‌ই ৰেলৱে আৰু আভ্যন্তৰীণ জল পৰিবহনৰ বিষয়া সকলক আৰু খাদ্য সৰবৰাহকাৰী  সকলক ভৱিষ্যতে উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ মুখামুখি হব পৰাকৈ প্ৰস্তুত থাকিবলৈ অনুৰোধ জনায় আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰে।

Share to your Social Account