Gitanjali Aiyar: দেশৰ প্ৰথমগৰাকী ইংৰাজী বাতৰি পৰিৱেশকৰ দেহাৱসান 

দূৰদৰ্শনৰ প্ৰথম বাতৰি পৰিৱেশন গীতাঞ্জলি আয়াৰৰ বুধবাৰে মৃত্যু হয়। তিনি দশকজুৰি বাতৰি পৰিৱেশন কৰা গীতাঞ্জলি আয়াৰ এগৰাকী ইংৰাজী বাতৰি পৰিৱেশন আৰু দেশৰ প্ৰথম ইংৰাজী বাতৰি পৰিৱেশকসকলৰ মাজত অন্যতম আছিল।

Share to your Social Account

নেশ্যনেল ডেস্ক, ৭ জুনঃ দূৰদৰ্শনৰ প্ৰথম বাতৰি পৰিৱেশন গীতাঞ্জলি আয়াৰৰ বুধবাৰে মৃত্যু হয়। তিনি দশকজুৰি বাতৰি পৰিৱেশন কৰা গীতাঞ্জলি আয়াৰ এগৰাকী ইংৰাজী বাতৰি পৰিৱেশন আৰু দেশৰ প্ৰথম ইংৰাজী বাতৰি পৰিৱেশকসকলৰ মাজত অন্যতম আছিল। আয়াৰে ১৯৭১ চনত দূৰদৰ্শনত কৰ্মজীৱন আৰম্ভ কৰিছিল।

তেওঁক তেওঁৰ ৩০ বছৰৰ দীঘলীয়া কেৰিয়াৰত চাৰিবাৰ শ্ৰেষ্ঠ এংকৰ বঁটা প্ৰদান কৰা হৈছিল। তেওঁ ১৯৮৯ চনত ইন্দিৰা গান্ধী প্ৰিয়দৰ্শিনী বঁটাও লাভ কৰিছিল।তেওঁ দিল্লী বি-ৰ অল ইণ্ডিয়া ৰেডিঅ’ত শুক্ৰবাৰে নিশা জনপ্ৰিয় ইংৰাজী গানৰ অনুৰোধ অনুষ্ঠান ‘এ ডেট উইথ ইউ’ৰ উপস্থাপকো আছিল। এইগৰাকী প্ৰবীণ বাতৰি পৰিবেশকৰ মৃত্যুত দেশত পৰিছে শোকৰ ছাঁ।

Share to your Social Account