উত্তৰ-পূবৰ টালিমেৰণ আওঃ ভাৰতীয় ফুটবল উজ্জল তৰা
এটা সময়ত দেশৰ সকলো ক্ৰীড়াত কৈ জনপ্ৰিয় ভাৰতীয় ফুটবলৰ আছে এটা সোণালী ইতিহাস। এই সোণালী ইতিহাস সৃষ্টিত উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ সকলৰ আছে বিশেষ অৱদান। ইয়াৰে মাজৰ এজন হৈছে ভাৰতীয় ফুটবল দলৰ অন্যতম কিংবদন্তি খেলুৱৈ নাগালেণ্ডৰ সন্তান ড: টালিমেৰণ আও। টালিমেৰণ বহুতৰ বাবে হয়তো এটা অচিনাকী নাম কিন্তু বিশ্ব ফুটবলত টালিমেৰণৰ আছে সুকীয়া নাম। বিশ্বৰ অন্যতম আগশাৰীৰ ফুটবল ক্লাব আৰ্চেনেল দললৈয়ো আমন্ত্ৰণ পাইছিল এই গৰাকী কিংবদন্তি ফুটবলাৰে কিন্তু নিজৰ ঠাই খনৰ প্ৰতি থকা অত্যাধিক টানৰ বাবেই হয়তো ৰৈ গৈছিল তেওঁ। টালিমেৰণ হৈছে স্বাধীন ভাৰতৰ ফুটবল দলৰ প্ৰথমগৰাকী অধিনায়ক। অসমৰ নগা পাহাৰ জিলা(এতিয়া নাগালেণ্ড)ৰ চাংকি নামৰ এখন ভিতৰুৱা গাঁৱত ১৯১৮ চনৰ ২৮ জানুৱাৰীত তেওঁৰ জন্ম হৈছিল। সৰুৰে পৰা অত্যন্ত মেধা টালিমেৰণ পঢ়াৰ সমান্তৰালভাৱে চাংকি জিলাত ভাল ফুটবল খেলুৱৈ ৰূপেও জনপ্ৰিয় আছিল। আমেৰিকান মিছনেৰী সকলেও তেওঁৰ প্ৰতিভাৰ অনুমান কৰিব পাৰিছিল। ১৯৩৮ চনত টালিমেৰণ যেতিয়া আই এছ ছি পঢ়িবলৈ কটন কলেজত নামভৰ্তি কৰিছিল সেইবছৰেই টালিমেৰণক কটন কলেজ ফুটবল দলৰো অধিনায়ক বনোৱা হৈছিল। সেইসময়ত কটন কলেজ আৰু ছিলেটৰ মুৰাৰী চান্দ কলেজৰ সৈতে প্ৰত্যেক বছৰে একোখন কৈ বন্ধুত্বমূলক ফুটবল ট্ৰফি অনুষ্ঠিত হৈছিল। তালিমেৰণ যেতিয়া আই এছ চিৰ ফাইনেল বৰ্ষত আছিল সেই সযময়তো তেওঁ কটন কলেজ ফুটবল দলৰো অধিনায়ক আছিল। কিন্তু টালিমেৰণৰ বাবে পঢ়াটো আছিল গুৰুত্বপূৰ্ণ। কিয়নো তেওঁৰ দেউতাকৰ সপোন আছিল টালিমেৰণ এগৰাকী চিকিৎসক হ’ব আৰু ভৱিষ্যতে নাগা সকলৰ বাবে কাম কৰিব। টালিমেৰণে ফুটবলৰ পৰা আতঁৰি অহাৰ কথা চিন্তা কৰিছিল কিন্তু কটন কলেজৰ অধ্যক্ষ আৰু শিক্ষাগুৰু সকলৰ অনুৰোধত তেওঁ খেলি যোৱাৰ বাবে মান্তি হ’ল। ইয়াৰ বাবে তেওঁক এটা পৰীক্ষাৰ পৰাও ৰেহাই দিয়া হৈছিল। নিদিষ্ট সময়ত যেতিয়া কটন কলেজ আৰু এম চি কলেজৰ মাজত মেচ অনুষ্ঠিত হৈছিল প্ৰথম খন মেচতে এম চি কলেজ ১-০ ব্যৱধানত পৰাজয় বৰণ কৰিছিল আৰু সেইখন মেচৰ একমাত্ৰ গ’লটো দিছিল টালিমেৰণে। এইটো খবৰে ছিলেটৰ বাঙালী ফুটবল অনুৰাগী সকলক আচম্বিত কৰি তুলিছিল কিয়নো ১৩ বছৰৰ পাছত কটন কলেজে এম চি কলেজক হৰুৱাইছিল। সেইসময়ত টালিমেৰণৰ বিষয়ে জানিবলৈ সকলোৰে মাজত কৌতূহল বাঢ়ি গৈছিল।
টালিমেৰণে দেউতাকৰ সপোন বাস্তবায়িত কৰিবলৈ কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজত নামভৰ্তি কৰিছিল। যেতিয়া টালিমেৰণ গুৱাহাটীত আছিল তেতিয়া অসমৰ শৰৎ দাসৰ সৈতে মহাৰাণা ফুটবল ক্লাবৰ হৈ ফুটবল খেলিছিল। পিছলৈ শৰৎ দাসে কলকাতাৰ মোহন বাগানৰ হৈ ফুটবল খেলিছিল। শৰৎ দাসে টালিমেৰণ কলকাতাত থকাৰ খবৰ পাই টালিমেৰণৰ হোষ্টেল ওলাল গৈ আৰু কিছু দিনৰ পাছতে টালিমেৰণক শৰৎ দাসে মোহন বাগান ফুটবল ক্লাবৰ ৰেজিষ্টাৰট মেম্বাৰ বনোৱাৰ লগতে ভাৰতীয় ফুটবল এচছিয়েছনৰো মেম্বাৰ বনাই দিলে। সেইসময়ত মোহন বাগানৰ হৈ টালিমেৰণৰ দুৰ্দান্ত খেলৰ সকলোতে চৰ্চা হ’বলৈ ধৰে। মোহন বাগানৰ হৈ টালিমেৰণে ১৯৪৩ চনৰ পৰা ১৯৫৩ সৰ্বমুঠ নটা ছিজনত দলক প্ৰতিনিধিত্ব কৰিছিল। ১৯৪৮ চনৰ লণ্ডন অলিম্পিকৰ বাবে স্বাধীন ভাৰতৰ ফুটবল দল গঠন কৰা হয় আৰু এই ফুটবল দলৰ অধিনায়ক বনোৱা হয় টালিমেৰণ আওক। সেইবাৰৰ অলিম্পিকত প্ৰথমে বাৰ্মাৰ সৈতে জয়ী হৈছিল ভাৰতীয় ফুটবল দল কিন্তু দ্বিতীয় খন মেচত ফ্ৰান্সৰ বিৰুদ্ধে ১-২ ব্যৱধানত পৰাজিত হয় ভাৰতীয় দল। ভাৰতীয় দল পৰাজয় হ’লেও ভাৰতীয় দলে লণ্ডন অলিম্পিকত সকলোৰে হৃদয় জিনিবলৈ সক্ষম হয়। বিশেষকৈ ভাৰতীয় ফুটবল দলে ১৯৪৮ চনৰ অলিম্পিক খালী ভৰিৰে খেল পথাৰত অৱতীৰ্ণ হৈছিল। এইয়া দেখি সকলো শংকিত হৈ পৰিছিল বিশেষকৈ টালিমেৰণ আওক লৈ, কিয়নো টালিমেৰণ আও আছিল ডিফেণ্ডাৰ আৰু প্ৰতিপক্ষই বুট পিন্ধি খেল পথাৰত অৱতীৰ্ণ । এই সময়ত খালী ভৰিৰে ডিফেণ্ড কৰা কিমান কঠিন সেইয়া সহজেই অনুমেয়। এই খেলৰ পাছৰে পৰা টালিমেৰণ আও ‘বেকফুটৰ জিনিয়াছ’ ৰূপে জনপ্ৰিয় হৈ পৰিছিল। কিছু দিনৰ পাছত এখন প্ৰেছ মিটত টালিমেৰণ খালী ভৰিৰে কিয় ফুটবল খেলে বুলি সোধা হৈছিল তেতিয়া তেওঁ কয়,’আমি ফুটবল খেলো, বুট বল নহয়।’
ইয়াৰ পাছতো টালিমেৰণ আওয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুকেইখন খেলত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। বিশেষকৈ দক্ষিণ এছিয়া আৰু এছিয়াৰ বিভিন্ন দেশত টালিমেৰণ ফুটবল খেলিবৰ বাবে গৈছিল। বেকফুটত খেলাৰ পাছতো টালিমেৰণ আন্তঃৰাষ্ট্ৰীয় খেলত সৰ্বমুঠ ৬ টা গ’ল কৰিছিল।
টালিমেৰণৰ বাবে হয়তো অত্যন্ত দুখৰ সময় আছিল ১৯৫০ চন। কিয়নো ১৯৫০ চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা ফিফা বিশ্বকাপলৈ ভাৰতীয় দলে আমন্ত্ৰণ পাইছিল। কিন্তু এচছিয়েচনৰ ভিতৰুৱা কিছু হেমাহিৰ বাবেই ভাৰতীয় দলে সেইবাৰৰ ফিফা বিশ্বকাপত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম নহল। ই প্ৰতিগৰাকী ভাৰতীয় ফুটবল প্ৰেমীৰ বাবে অত্যন্ত হতাশাৰ বিষয়। কিয়নো আজিলৈকে ভাৰতীয় ফুটবল দলে ফিফা বিশ্বকাপত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হোৱা নাই।
উল্লেখ্য যে কলকাতা চৰকাৰে টালিমেৰণ আওক থাকিবলৈ ঘৰ আৰু মাটি দান কৰিছিল কিন্তু শিপা পাহৰি নোযোৱা টালিমেৰণে ১৯৬৩ চনত পুনৰ নাগালেণ্ডলৈ ওভতি আহে। নাগালেণ্ডৰ চিভিল চিকিৎসালয়ত সহকাৰী শৈল্য চিকিৎসক ৰূপে যোগদান কৰি কিছু দিনৰ চিভিল চাৰজিয়ন হয়। শেষত নাগালেণ্ড চৰকাৰৰ স্বাস্থ্য বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰে। এই গৰাকী মহান ফুটবলাৰ নামতেই কটন কলেজৰ ইণ্ডৰ ষ্টেডিয়াম আৰু কলিয়াবৰত এটা আউট ড’ৰ ষ্টেডিয়াম নামাকৰণ কৰা হৈছে। ২০০২ চনত মোহন বাগান এফ চিয়ে তেওঁৰ নামতেই এটা বাৰ্ষিক বঁটা ঘোষণা কৰিছিল। লগতে তেওঁক লাইফ টাইম মেম্বাৰশ্বিপৰ সন্মান প্ৰদান কৰিছিল।
অসমত ২০০৩ চনৰ পৰা ‘Dr. T. Ao NorthEast Football Trophy’ তেওঁৰ নামতেই অনুষ্ঠিত কৰি থকা হৈছে। ১৯৯৮ চনত ৮৮ বছৰ বয়সত এইগৰাকী মহান ফুটবলাৰে মৃত্যু বৰণ কৰে।
শান্তনু শইকীয়া, গুৱাহাটী বিশ্ববিদ্যালয়।
দূৰভাষ -৮৬৩৮২২৯৮৪০