![](https://updatenowne.in/wp-content/uploads/2023/06/20230610_132140-1024x576.jpg)
নিউজ ডেস্ক, ১০ জুনঃ তিনিচুকীয়াৰ খাৰুৱা তেলৰ চোৰাং বেহাৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানত স্বয়ং আৰক্ষীৰ বিষয়া জালত পৰিল। ৰক্ষকেই ভক্ষকৰ ৰূপ লোৱা আৰক্ষী বিষয়াজন হৈছে তিনিচুকীয়াৰ উপ- আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা।
উল্লেখযোগ্য যে যোৱা ২৬ মে’ত তিনিচুকীয়া জিলাৰ লাংকাছিৰ ওৰাংবস্তিত অইল ইণ্ডিয়াৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই ভাল্ব স্থাপনকৰি তেল ভৰাই থকা অৱস্থাত এন এল ০২ কে ৭৬১৮ নম্বৰৰ এখন টেংকাৰ জব্দ কৰাৰ পাছত তিনিচুকীয়াৰ আৰক্ষীয়ে অনুসন্ধান কৰি চোৰাং তেলৰ ব্যৱসায়ৰ সৈতে জড়িত এটা বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিছিল। তেল চুৰিৰ লগত জড়িত ধৃত চক্ৰটোৰ সদস্য সাংবাদিক অমিত গগৈৰ স্বীকাৰোক্তিত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে।
অমিত গগৈয়ে আৰক্ষীক মেনেজ কৰিবলৈ উপ-আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাক দুটা কিস্তিত ২ লাখ টকা প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰাৰ পাছতে আৰক্ষী মহলত হৈ-চৈ লাগে। এই সন্দৰ্ভত কালি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক নিৰ্দেশত হিৰণ্যকুমাৰ বৰাক আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ১০ জুনত উপস্থিত হ’বলৈ কোৱা হৈছে।
নির্দেশনাটোত কোৱা হৈছে যে ১০ জুনত হিৰণ্য কুমাৰ বৰাইআৰক্ষীৰ মহাপৰিদৰ্শক (প্রশাসনিক)ৰ ওচৰত হাজিৰ হ’ব লাগিব। লগতে এমাহৰ বাবে টালি-টোপোলা লৈ আহিবলৈও নির্দেশ জাৰি কৰে। অৰ্থাৎ খাৰুৱা তেল চুৰি চক্ৰৰ লগত জড়িত থকাৰ বাবে হিৰণ্য কুমাৰ বৰাক এমাহৰ বাবে মুখ্যকাৰ্যালয়ত বাহৰ পাতি থাকিবৰ বাবে কোৱা হৈছে।
উল্লেখযোগ্য যে উপ- আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাৰ বিৰুদ্ধে তিনিচুকীয়াত দুষ্ট চক্ৰৰ লগত মিতিৰালিৰ দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছে। চাকৰিৰ বেছিভাগ সময় ইখন থানাৰ পৰা সিখন থানাত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত থিতাপি লৈ আহিছে।
তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত খাৰুৱা তেল চুৰিৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱাৰ আঁৰত যে আৰক্ষীৰ এটা চক্ৰই সহায় কৰি আহিছিল সেই অভিযোগ এতিয়া প্ৰমাণিত হৈছে। শেহতীয়াকৈ আৰক্ষীৰ খাৰুৱা তেল চুৰিৰ বিৰুদ্ধে চলা অভিযানত আৰু বহু ৰথী-মহাৰথী জালত পৰাৰ সম্ভাৱনা আছে। (উৎস)