ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত অসম চৰকাৰে ডাঙৰ প্ৰবঞ্চনা আৰু অন্যায় কৰিছে!
নিউজ ডেস্ক,১৫ নৱেম্বৰ: ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ নামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে শিক্ষকসকলৰ প্ৰতি ডাঙৰ প্ৰবঞ্চনা আৰু অন্যায় কৰিবলৈ ওলাইছে। বেতন সুৰক্ষা নিশ্চিত নকৰাকৈ আৰু নতুন নিযুক্তিৰ স্বীকৃতিৰে কৰিবলৈ এই নিয়মীয়াকৰণ প্ৰক্ৰিয়াক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ কৰিছে আৰু এই অন্যায় বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে।
সমগ্ৰ ৰাজ্যতে সৰ্বশিক্ষাৰ অধীনত ২৫,৫০০ জন আৰু ষ্টেট পুলৰ অধীনত ৯,৫০০ জনসহ সৰ্বমুঠ ৩৫ হাজাৰ শিক্ষকে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ আছে; ইয়াৰ উপৰি উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰায় ৪,৫০০ শিক্ষকে ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত হৈ আছে।
শিক্ষক সংগঠন, ডি ৱাই এফ আইৰ লগতে অন্য বিভিন্ন সংগঠনে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে। ২০১৬ চনত বিজেপি দলেও শাসনলৈ আহিলে ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি দিছিল। ধাৰাবাহিক আন্দোলনৰ হেঁচাত চৰকাৰখনে অৱশেষত নিয়মীয়াকৰণৰ কথা ঘোষণা কৰিছে যদিও যি চৰ্তৰ ভিত্তিত নিয়মীয়াকৰণ কৰিবলৈ লৈছে সেয়া মুঠেও গ্ৰহণযোগ্য নহয়।
পৰিতাপৰ বিষয় যে ঠিকাভিত্তিক শিক্ষকসকলে ১২/১৩ বছৰ চাকৰি কৰাৰ পাছত বছৰেকীয়া দৰমহা বৃদ্ধিৰ ফলত বৰ্তমানে যি দৰমহা লাভ কৰে নিয়মীয়াকৰণ হ’লে সেয়া সম্ভৱ নহ’ব। তেওঁলোকৰ এই দীঘলীয়া চাকৰিকালো নিয়মীয়া চাকৰিত বিবেচনালৈ নাহিব। এয়া সম্পূৰ্ণ নতুন নিযুক্তি বুলি গণ্য কৰা হ’ব।
উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকল ২০/২২ বছৰ ধৰি শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই এই শিক্ষকসকলকো নতুন নিযুক্তি হিচাপে দেখুৱাব। এয়া শিক্ষক সমাজৰ প্ৰতি প্ৰবঞ্চনাই নহয়, এয়া ডাঙৰ অন্যায়। ইয়াৰ ফলত বছৰ বছৰ ধৰি নিষ্ঠাৰে শিক্ষা সেৱাত ব্ৰতী হৈ থকা ঠিকাভিত্তিক শিক্ষকসকলে বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে ডাঙৰ মানসিক আঘাত পাব।
ডি ৱাই এফ আইয়ে দাবী কৰিছে যে বেতন সুৰক্ষাসহ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ লগতে পূৰ্বৰ যোগদান কৰা দিনৰ পৰাই চাকৰি কাল নিশ্চিত কৰক ।