প্ৰকাশ পালে ৰাজ্যৰ খচৰা ভোটাৰ তালিকা; নতুন ভোটাৰৰ আবেদনৰ বাবে সময় মাত্ৰ ৪ দিন

গুৱাহাটী,৯ ডিচেম্বৰ: সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছত প্ৰথম বাৰৰ বাবে অসমৰ বিশেষ সংক্ষিপ্ত শুধৰণি খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হৈছে । এই সন্দৰ্ভত  জনতা ভৱনৰ এফ ব্লকৰ সভাগৃহত  অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে সম্বোধন কৰে এক সংবাদমেল।

খচৰা ভোটৰ তালিকা অনুসৰি অসমৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ কোটি ৪৩ লাখ ২ হেজাৰ ৪৬০ জন। ইয়াৰে পুৰুষ ভোটৰ ১ কোটি ২২ লাখ ১২ হেজাৰ ৪৮৩ আৰু মহিলা ভোটাৰৰ সংখ্যা ১ কোটি ২০ লাখ ৮৯ হেজাৰ ৫৬৯ গৰাকী।  তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে ৪০৮ জন।

 সমষ্টি পুনৰ্নিদ্ধাৰণৰ পৃৰ্বে অসমত ভোট কেন্দ্ৰৰ সংখ্যা আছিল ২৮ হেজাৰ ২০৫ টা। কিন্তু এতিয়া ভোট কেন্দ্ৰৰ সংখ্যা হৈছে ২৮ হেজাৰ ৬৪৫ টা।

চলিত বৰ্ষৰ ২৭ জানুৱাৰীৰ পৰা আজিৰ দিনটোলৈ ১ লাখ ৯০ হেজাৰ ৭১৭ জন ভোটৰ বৃদ্ধি পাইছে।

খচৰা ভোটৰ তালিকাক লৈ ওজৰ আপত্তি থাকিলে, নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিলে, মৃত লোকৰ নাম কৰ্তনৰ বাবে ৮ জানুৱাৰীলৈ আবেদন কৰিব পাৰিব । অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে জনসাধাৰণে  নিৰ্দিষ্ট প্ৰ-পত্ৰ ভোটৰ তালিকাৰ যিকোনো সংশোধনৰ বাবে দিব পাৰিব ।

এই সন্দৰ্ভত অহা ১৬, ১৭ ডিছেম্বৰত আৰু ২৩,২৪ ডিচেম্বৰত বিশেষ অভিযান হাতত লোৱা হ’ব। অহা বৰ্ষৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হ’বলগীয়া সকলেও আবেদন কৰিব পাৰিব।

খচৰা ভোটৰ তালিকা অনুসৰি ১৮ ৰ পৰা ১৯ বছৰৰ ভোটৰৰ সংখ্যা হৈছে ৫ লাখ ৫১ হেজাৰ ৭১৫ জন আৰু ৮০ উৰ্ধৰ ভোটৰৰ সংখ্যা হৈছে ২ লাখ ৯৫ হেজাৰ ৪৪১ জন।  সৰ্বাধিক ভোটৰ থকা সমষ্টি হৈছে জাগীৰোড আৰু সৰ্বনিম্ন ভোটৰ থকা সমষ্টি হৈছে সৰুপথাৰ। ৮ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব।

Share to your Social Account