ইৰাকস্থিত আমেৰিকাৰ দূতাবাসত ৭টা মৰ্টাৰেৰে আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰঃ ইৰাকৰ বাগদাদত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাস চৌহদত আক্ৰমণ । শুকুৰবাৰে পুৱতি নিশা দূতাবাস চৌহদত ৭টা মৰ্টাৰেৰে আক্ৰমণ চলোৱা হয় । এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিষয়াই এই তথ্য সদৰী কৰিছে ।

শুক্ৰবাৰে ইৰাক আৰু চিৰিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীকো অতি কমেও পাঁচবাৰ ৰকেট আৰু ড্ৰোনেৰে লক্ষ্য কৰা হৈছিল; এজন পৃথক আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিষয়াই কয় যে চিৰিয়াৰ পৃথক ঘাটিত তিনিবাৰ, আৰু বাগদাদৰ পশ্চিমে আইন আল-আসাদ এয়াৰবেচত দুবাৰ আক্ৰমণ চলোৱা হয়।

অক্টোবৰৰ মাজভাগৰ পৰা এদিনতে অঞ্চলটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীৰ বিৰুদ্ধে এই আক্ৰমণ আটাইতকৈ অধিক বুলি জানিব পৰা গৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে ইৰাকৰ প্ৰধানমন্ত্ৰী মহম্মদ চিয়া আল-চুদানীৰ সৈতে হোৱা এক আলোচনাত এই আক্ৰমণক গৰিহণা দিয়ে আৰু শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰ্মচাৰীসকলক টাৰ্গেট কৰাৰ বাবে ইৰাণ-সংগঠিত সশস্ত্ৰ গোট কাতাইব হিজবুল্লাহ আৰু হাৰাকাত হিজবুল্লাহ আল নুজাবাক জগৰীয়া কৰে।

Share to your Social Account