Fact Check-ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিতৰ্কিত ভিডিঅ’-সঁচা নে মিছা?
তিনিচুকীয়া, ২৬ মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজনৈতিক মহলত তোলপাৰ লগাইছে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ এটা বিতৰ্কিত ভিডিঅ’ই। সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হোৱা এই ভিডিঅ’টোত বিধায়কগৰাকীক এগৰাকী মহিলাৰ সৈতে আপত্তিজনক অৱস্থাত দেখা গৈছে। এই ঘটনাক লৈ সমগ্ৰ সমষ্টিটোৰ লগতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিধায়কৰ স্পষ্টীকৰণ: বিৰোধীৰ ষড়যন্ত্ৰ নে এআই (AI)?
ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতেই বিধায়ক সুৰেন ফুকনে এক স্পষ্টীকৰণ দিয়া পৰিলক্ষিত হয়। তেওঁ দাবী কৰে যে তেওঁৰ বৰ্ধিত জনপ্ৰিয়তাত শংকিত হৈ বিৰোধীয়ে তেওঁক সামাজিকভাৱে হেয় কৰিবলৈ এয়া এক গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। তেওঁৰ মতে, আধুনিক প্ৰযুক্তি অৰ্থাৎ কৃটিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰিহে এই ভুৱা ভিডিঅ’টো প্ৰস্তুত কৰা হৈছে।
সত্যতা নিৰূপণ (Fact Check):
বিধায়কগৰাকীৰ এই দাবীক লৈ সৃষ্টি হোৱা ৰহস্যৰ অন্ত পেলাবলৈ ‘আপডেট নাও’ (Update Now) ৰ তৰফৰ পৰা এক বিশেষ অনুসন্ধান চলোৱা হয়। প্ৰযুক্তিৰ সহায় লৈ ভিডিঅ’টো AI Content Detector-ত পৰীক্ষা কৰা হয়। এই পৰীক্ষাত ধৰা পৰে যে ভিডিঅ’টো কোনো ধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা বা AI-ৰ জৰিয়তে নিৰ্মিত নহয়। এই তথ্যই বিধায়ক সুৰেন ফুকনৰ ‘ভুৱা ভিডিঅ’’ৰ দাবীক পোনচাটেই নসাৎ কৰিছে।

এগৰাকী মহিলাগৰাকীৰ বিস্ফোৰক ভাষ্য:
ইফালে, বিতৰ্কৰ মাজতেই এগৰাকী মহিলাই সামাজিক মাধ্যমত এক পোষ্ট দিয়াৰ পাছতে বিষয়টোৱে নতুন মোৰ লৈছে। মহিলাগৰাকীয়ে স্পষ্টকৈ কয়:
“এই ভিডিঅ’টো সম্পৰ্কত কওঁ, এইটো সঁচা হয়, কোনো AI-ত বনোৱা নহয়। এই মাধ্যমৰ যোগেদি মই সকলোকে জনাই থওঁ যে মোক ৰাস্তাৰ পৰা আঁতৰাবলৈ বহুত কুনীতি কৰি থকা হৈছে। যদি মোৰ কিবা অনিষ্ট হয়, তেন্তে আপোনালোকে জানিব যে মই ষড়যন্ত্ৰৰ বলি হলোঁ।”

প্ৰযুক্তিগত পৰীক্ষা আৰু ভুক্তভোগী মহিলাগৰাকীৰ স্বীকাৰোক্তি— এই দুই তথ্যই বৰ্তমান প্ৰমাণ কৰিছে যে বিধায়ক সুৰেন ফুকনৰ বিতৰ্কিত ভিডিঅ’টো আচলতে কোনো এআই কাৰচাজি নহয়।