চূড়ান্তভাৱে ব্যৰ্থ ১৪ অসমৰ সাংসদ!
নিউজ ডেক্স, ৯ নৱেম্বৰঃ চূড়ান্তভাৱে ব্যৰ্থ আৰু অকৰ্মণ্য সাংসদে দিল্লীত প্ৰতিনিধিত্ব কৰিছে অসমক । কেন্দ্ৰৰ পৰা মুকলি কৰি দিয়া পুঁজি ব্যয়তো ব্যৰ্থ হৈছে লোকসভাৰ ১৪গৰাকী সাংসদ । মুখ খোল নোখোৱা অসমৰ সাংসদৰ ব্যৰ্থতাৰ দস্তাবেজ এই প্ৰতিবেদনত । সংসদত অসমক প্ৰতিনিধিত্ব কৰা লোকসভাৰ ১৪ গৰাকী সাংসদে বিগত তিনি বছৰত ব্যয় কৰিব পৰা নাই কেন্দ্ৰ পৰা অনুমোদিত এশ কোটি টকা । সমষ্টি উন্নয়নৰ বাবে ধাৰ্য কৰা পুঁজি ব্যয়ৰ ক্ষেত্রত অসমৰ সাংসদসকলৰ ভূমিকা একেবাৰে সন্তুোষজনক নহয় । লোকসভা নিৰ্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী আছে । শাসক-বিৰোধী সকলো দল এতিয়া আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে । এনে সময়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমক প্ৰতিনিধিত্ব কৰা সাংসদসকলৰ কৰ্মদক্ষতা জনাতো প্ৰয়োজনীয় হৈ পৰিছে ।
পোহৰলৈ আহিছে যে অসমৰ ১৪গৰাকী সাংসদে নিজৰ সমষ্টি উন্নয়নৰ বাবে আবণ্টিত হোৱা ধনো ব্যয় কৰিব পৰা নাই। বিভিন্ন অসমৰ সাংসদসকলে লোকসভাত মৌনতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে । কিন্তু কেৱল মৌনতা অৱলম্বন কৰাই নহয়, একাংশ সাংসদে নিজৰ সমষ্টি উন্নয়নৰ ধন ব্যয় কৰাৰ ক্ষেত্রতো চৰমভাৱে ব্যৰ্থ হৈছে । লোকসভাত দিয়া তথ্য অনুসৰি বিগত তিনিটা বিত্তীয় বৰ্ষত অসমৰ লোকসভাৰ সাংসদসকলৰ বাবে কেন্দ্রীয় চৰকাৰে মোকলাই দিছিল ২৮৯.৯ কোটি টকা ।
কিন্তু উক্ত ধনৰ ভিতৰত ৰাজ্যৰ সাংসদসকলে ১৮৯.০৩ কোটি টকা ব্যয়ৰ ক্ষেত্ৰতহে অনুমোদন দিয়ে । অর্থাৎ বিগত তিনিটা বৰ্ষত প্রায় ১০০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়াৰ পাছতো সাংসদসকলে ব্যয় কৰিব পৰা নাই । লক্ষণীয়ভাৱে সাংসদসকলৰ এই ব্যৰ্থতা এতিয়া চিন্তনীয় বিষয় হৈ পৰিছে । তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২২-২৩ বিত্তীয় বর্ষলৈকে বিগত তিনিটা বিত্তীয় বৰ্ষত শিলচৰ সমষ্টিৰ বিজেপি সাংসদ ৰাজদ্বীপ ৰয়ে সমষ্টি উন্নয়ন পুঁজিৰ ক্ষেত্রত ১৯ কোটি টকা লাভ কৰিছিল । কিন্তু এই পুঁজিৰ বিপৰীতে সাংসদ ৰয়ে ১৪ কোটি টকা ব্যয়ৰ বাবেহে অনুমোদন জনায় ।
সেইদৰে কেন্দ্ৰীয় চৰকাৰে AIUDFৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ বাবে মুকলি কৰি দিয়া ২১.৫০ কোটি টকাৰ বিপৰীতে সাংসদজনে ১৪.৪৫ কোটি টকা ব্যয়ত অনুমোদন দিছে । আনহাতে ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া ১৪.৫০ কোটি টকাৰ বিপৰীতে ৬.৬৩ কোটি টকাৰ কামত অনুমোদন জনাইছে ।
ইফালে বৰপেটাৰ সাংসদ আব্দুল খালেকে কেন্দ্রই মোকলাই দিয়া ১৬.৫০ কোটি টকাৰ বিপৰীতে ৭.২৮ কোটি টকা, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে মোকলাই দিয়া ২১.৫০ কোটিৰ বিপৰীতে ১৪.২০ কোটি টকা, কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়াই ২১.৫০ কোটি টকাৰ বিপৰীতে ১৪.৬২ কোটি টকা আৰু তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে লাভ কৰা ১৭ কোটি টকাৰ বিপৰীতে ১২ কোটি টকাৰ কামত অনুমোদন জনাইছে ।
সেইদৰে লখিমপুৰৰ সাংসদ প্রদান বৰুৱাই লাভ কৰা ২১.৫০ কোটি টকাৰ বিপৰীতে ১৪.৫৮ কোটি টকা, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়ে ১৬.৫০ কোটি টকাৰ ভিতৰত ১২.৪৩ কোটি টকা, মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ১৭ কোটি টকাৰ বিপৰীতে ৯.৫২ কোটি টকা, ডিফুৰ সাংসদ হৰেন সিং বেই ৫২.৪ কোটি টকাৰ বিপৰীতে ৩৩.৫ কোটি টকা, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাই ১৪.৫০ কোটি টকাৰ বিপৰীতে ৭.২৫ কোটি টকা, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ১৯.৫ কোটি টকাৰ ভিতৰত ১৭.৪৪ কোটি টকাৰ কামত আৰু গুৱাহাটীৰ সাংসদ কুইন ওজাই ১৭ কোটি টকাৰ বিপৰীতে ১০.৭৩ কোটি টকাৰ কামতহে অনুমোদন জনাইছে ।
উল্লেখ্য যে ৰাজ্যৰ ১৪ গৰাকী সাংসদৰ ভিতৰত কেন্দ্ৰই সৰ্বাধিক পুঁজি মোকলাই দিছে ডিফুৰ সাংসদগৰাকীক । সাংসদগৰাকীৰ নামত মুকলাই দিয়া পুঁজিৰ পৰিমাণ হৈছে ৫২.৪ কোটি টকা । আনহাতে সকলোতকৈ কম পৰিমাণৰ ধন মুকলি কৰি দিছে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাক । বিজেপিৰ সাংসদ মাল্লাক কেন্দ্রীয় চৰকাৰে মোকলাই দিয়া পুঁজিৰ পৰিমাণ হৈছে ১৪.৫ কোটি টকা ।
ইফালে কেন্দ্ৰই মুকলি কৰি দিয়া ধনৰ ভিতৰত ব্যয় কৰাৰ বাবে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সৰ্বাধিক অনুমোদন জনাইছে । তেওঁ কেন্দ্ৰীয় চৰকাৰে মোকলাই দিয়া ১৯.৫ কোটি টকাৰ ভিতৰত ১৭.৪৪ কোটি টকা ব্যয়ৰ বাবে অনুমোদন দিছে ।
আনহাতে পুঁজি ব্যয়ৰ ক্ষেত্রত একেবাৰে তলত আছে ৰামেশ্বৰ তেলী আৰু বৰপেটাৰ সাংসদ আব্দুল খালেক । ৰামেশ্বৰ তেলীয়ে মোকলাই দিয়া ১৪.৫০ কোটি টকাত ভিতৰত ৬.৬৩ কোটি টকা আৰু আব্দুল খালেকে কেন্দ্ৰই মোকলাই দিয়া ১৬.৫০ কোটি টকাৰ ভিতৰত ৭.২৮ কোটি টকাৰ কামত অনুমোদন দিছে ।
উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ বাবে সকলো দলেই তত্পৰতা বৃদ্ধি কৰিছে । অসমক প্ৰতিনিধিত্ব কৰা এইসকল সাংসদে নিজৰ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে সেয়া এই তথ্যৰ পৰাই স্পষ্ট হৈ পৰিছে । আনহাতে অনুমোদিত ধন কি কি উন্নয়নৰ কামত এই কেইগৰাকী সাংসদে ব্যয় কৰিলে সেই তথ্য আমি আপোনালোকৰ মাজলৈ লৈ আহিম পৰৱৰ্তী প্ৰতিবেদনত ।