Gangster killed: যোগীৰ ৰাজ্যত আদালতৰ চৌহদত গেংষ্টাৰক গুলীয়াই হত্যা

উত্তৰ প্ৰদেশৰ গেংষ্টাৰ সঞ্জীৱ মহেশ্বৰী জিবাক বুধবাৰে লক্ষ্ণৌ আদালত চৌহদত গুলীয়াই হত্যা । তথ্য অনুসৰি, গুলীচালনাত এজন আৰক্ষীও আহত হয়।

Share to your Social Account

নেশ্যনেল ডেস্ক, ৭জুনঃ উত্তৰ প্ৰদেশৰ গেংষ্টাৰ সঞ্জীৱ মহেশ্বৰী জিবাক বুধবাৰে লক্ষ্ণৌ আদালত চৌহদত গুলীয়াই হত্যা । তথ্য অনুসৰি, গুলীচালনাত এজন আৰক্ষীও আহত হয়। গুলীবিদ্ধ আৰক্ষীগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ।

“উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ অসামৰিক আদালতত এজন ব্যক্তিয়ে গুলীচালনা কৰিছিল। আহতসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। এতিয়ালৈকে আমাৰ ওচৰত কোনো বিৱৰণ নাই,” লক্ষ্ণৌৰ ডিচিপিয়ে কয়।প্ৰাৰম্ভিক তথ্য অনুসৰি, উকীলৰ পোছাক পিন্ধি আদালতত উপস্থিত হৈছিল হত্যাকাৰী আৰু সঞ্জীৱ জিবাৰ ওপৰত গুলীচালনা কৰিছিল। গলে লগেই সঞ্জীৱ দিবা বলি পৰে আৰু এজন আৰক্ষীও আহত হয় ।

আক্ৰমণ সংঘটিত কৰি স্কুটিৰে পলায়ন কৰে হত্যাকাৰী। উল্লেখযোগ্য যে এটা অপৰাধমূলক গোচৰৰ শুনানিৰ বাবে সঞ্জীৱ জিবাক আদালতলৈ অনা হৈছিল।‌

উল্লেখ্য যে গেংষ্টাৰ সঞ্জীৱ দিবা পশ্চিম উত্তৰ প্ৰদেশৰ বাসিন্দা আছিল আৰু ২০০৬ চনত বিজেপি বিধায়ক কৃষ্ণানন্দ ৰায় আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী ব্ৰহ্মদত্ত দ্বিবেদীৰ হত্যাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল। পূৰ্বে কম্পাউণ্ডাৰ হিচাপে পৰিচিত আছিল দিবা । কিন্তু পৰৱৰ্তী পৰ্যায়ত আণ্ডাৰৱৰ্ল্ডৰ এজন সদস্য হৈছিল সঞ্জীৱ জিবা।

Share to your Social Account