![](https://updatenowne.in/wp-content/uploads/2023/06/20230608_025530-1024x576.jpg)
নিউজ ডেস্ক, ৮ জুনঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোহিমা বিচাৰপীঠে বজাৰ আৰু ডাইন-ইন ৰেষ্টুৰেণ্টত কুকুৰৰ মাংসৰ বাণিজ্যিক আমদানি আৰু ব্যৱসায় আৰু বিক্ৰী নিষিদ্ধ কৰাৰ ২০২০ চনৰ নাগালেণ্ড চৰকাৰৰ নিৰ্দেশ বাতিল কৰিছে।
২০২০ চনৰ ৪ জুলাইত নাগালেণ্ড চৰকাৰে ৰাজ্যখনত কুকুৰৰ মাংস বিক্ৰী, ব্যৱসায় আৰু আমদানি নিষিদ্ধ কৰিছিল । বান্ধি থোৱা অক্ষম কুকুৰৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছত গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত।
২০২০ চনৰ ৪ জুলাইত জাননীৰ জৰিয়তে নিষেধাজ্ঞা বলবৎ কৰাৰ আগতে নাগালেণ্ডত কুকুৰ আৰু কুকুৰৰ মাংস যোগান ধৰা আৰু বিক্ৰী কৰা তিনিজন ব্যক্তিৰ আবেদনৰ শুনানি গ্ৰহণৰ পিছত ২ জুনত এই ৰায় প্ৰদান কৰা হৈছিল।
আদালতে লগতে কয় যে তিনি আবেদনকাৰীয়ে কুকুৰৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিছিল আৰু নাগালেণ্ডত কুকুৰক খাদ্য হিচাপে গ্ৰহণ কৰাটো কোনো নতুন কথা নহয় । ইফালে, নাগালেণ্ডৰ মুখ্য সচিব জে আলমে কয় যে ৰাজ্যখনে এতিয়াও আদালতৰ পত্ৰ লাভ কৰা নাই আৰু ৰায়দানৰ মাজেৰে যোৱাৰ পিছত পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব।