বাছৰ পৰা নমাই পাকিস্তানত ২৩গৰাকী লোকক গুলীয়াই হত্যা; ১০খন বাহনত অগ্নি সংযোগ

নেশ্যনেল ডেস্ক, ২৬ আগষ্টঃ সোমবাৰে পাকিস্তানৰ অশান্ত দক্ষিণ-পশ্চিম অঞ্চলত সংঘটিত এক ভয়ংকৰ ঘটনা । এটা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ২৩ জনকৈ লোকক বাছ আৰু অন্যান্য বাহনৰ পৰা বলপূৰ্বক নমাই অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰে । জানিব পৰা নেত, যাত্ৰীসকলৰ পৰিচয় পৰীক্ষাৰ কৰাৰ পাছতে তেওঁলোকক গুলীয়াই হত্যা কৰা হয় ।
পাকিস্তানৰ বেলুচিস্তানৰ কুশখালি জিলাত সংঘটিত হৈছে এই নৃশংস ঘটনা । ইফালে, ঘটনা সংঘটিত কৰাৰ পাছতে ১০খনকৈ বাহনত অগ্নিসংযোগ কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলটোৱে ।
পাকিস্তানৰ অভ্যন্তৰীণ মন্ত্ৰী মহছিন নকভিয়ে এই আক্ৰমণক “বৰ্বৰ” বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিয়ে আৰু আশ্বাস দিয়ে যে দায়ীসকলে আইনৰ সম্পূৰ্ণ শাস্তিৰ সন্মুখীন হ’ব ।
যদিও এতিয়ালৈকে কোনো গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই, কিন্তু বিচ্ছিন্নতাবাদী গোট বালুচ লিবাৰেচন আৰ্মীয়ে লোকসকলক ৰাজপথৰ পৰা আঁতৰি থাকিবলৈ সতৰ্ক কৰাৰ পিছত এই আক্ৰমণ সংঘটিত হয় । উল্লেখ্য যে, গোটটোৱে বিভিন্ন স্থানত নিৰাপত্তা বাহিনীৰ ওপৰত আক্ৰমণ চলাইছিল।