শীঘ্ৰেই অনুষ্ঠিত হ’ব I.N.D.I.A.ৰ পৰৱৰ্তী বৈঠক-মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, ৭ ডিচেম্বৰঃ অতি শীঘ্ৰেই অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ আন এখন বৈঠক । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সদৰী কৰিছে এই কথা । মুখ্যমন্ত্ৰীগৰাকীয়ে, “আমি শীঘ্ৰেই ৰাষ্ট্ৰীয় বিৰোধী ঐক্য মঞ্চ I.N.D.I.A.ই বৈঠকত মিলিত হ’ম । ইতিমধ্যেই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ফোনযোগে মোক এই কথা জনাইছে ।”

উল্লেখ্য যে, I.N.D.I.A.ৰ এক বৈঠক বুধবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও তিনিগৰাকী প্ৰধান নেতা উপস্থিত থাকিব নোৱাৰাৰ বাবে বৈঠকখন অনুষ্ঠিত কৰা নহ’ল ।

মমতা বেনাৰ্জীৰ উত্তৰ বংগত ভ্ৰমণৰ সময় সূচী আছিল; বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ অসুস্থ আছিল; আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন ৰাজ্যখনৰ হোৱা বানপানীত ব্যস্ত আছিল।

মমতা বেনাৰ্জীয়ে কয় যে তেওঁ I.N.D.I.A.ৰ বৈঠকৰ বিষয়ে অজ্ঞাত আছিল কিন্তু বিলম্বক অত্যাধিক গুৰুত্ব দিয়া নাছিল। “মোক আগতে জনোৱা হোৱা নাছিল। কিন্তু দুনিন পূৰ্বে ৰাহুলজীয়ে মোক ফোন কৰিছিল। মই তেওঁক কৈছিলো যে মোক সভাৰ বিষয়ে কোনেও কোৱা নাছিল। মোৰ কাৰ্যসূচী ঠিক কৰা হৈছিল। আৰু অন্যান্য মুখ্যমন্ত্ৰীও ব্যস্ত। কিন্তু যেতিয়াই তেওঁলোকে সিদ্ধান্ত লয় আমি লগ পাম। গতিকে চিন্তা নকৰিব,” বেনাৰ্জীয়ে কয়।

উচ্চ স্তৰীয় সূত্ৰ অনুসৰি মমতা বেনাৰ্জীয়ে ডিচেম্বৰৰ তৃতীয় সপ্তাহত দিল্লীলৈ যাব।

Share to your Social Account