প্ৰকাশ পাবলৈ গৈ আছে ‘মৰাণ বুৰঞ্জী’

মৰাণ জনগোষ্ঠীৰ ইতিহাসক এক প্ৰণালীবদ্ধৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছে এগৰাকী ব্যক্তিয়ে । তেওঁ হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ শ্ৰীকুমাৰ দহোটীয়া।

Share to your Social Account

নিউজ ডেস্ক, ৯ জুনঃ অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ শৌৰ্য-বীৰ্য, স্বকীয়তা আৰু গৌৰৱময় সমলসমূহক সামৰি প্ৰকাশ পাবলৈ গৈ আছে ‘মৰাণ বুৰঞ্জী” ।

উল্লেখ্য যে মৰাণসকল অসমৰ পুৰণি জনগোষ্ঠী সমূহৰ ভিতৰত অন্যতম ৷ উজনি অসমৰ কেইবাখনো জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ নামচাই জিলাত এই জনগোষ্ঠীৰ লোকে বসবাস কৰে ৷ মৰাণ জনগোষ্ঠীৰ আছে গৌৰৱময় ইতিহাস। সেই গৌৰৱময় ইতিহাস সামৰি মৰাণ জনগোষ্ঠীৰ ইতিহাসক এক প্ৰণালীবদ্ধ ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছে বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়াই ।

শ্ৰীকুমাৰ দহোটীয়া তেওঁ হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ লগতে এগৰাকী বুৰঞ্জীবিদ। সামাজিক মাধ্যমযোগে বুৰঞ্জীবিদ গৰাকীয়ে সদৰী কৰিছে এই কথা । সামাজিক মাধ্যমত‌ তেওঁ লিখিছে,” মৰাণ বুৰঞ্জী প্ৰকাশ-অৱশেষত অসমীয়া জাতিৰ অন্যতম প্ৰধানতম মৰাণ জাতিৰ ‘মৰাণ বুৰঞ্জী’ নিজস্ব গৱেষনা , অধ্যয়ন আৰু প্ৰকাশৰ বাবে ব্যক্তিগত ভাৱে দুঃসাহস কৰিছোঁ।

নিঃসন্দেহে ইয়াৰ বাবে যথেষ্ট অৰ্থ আৰু কষ্টৰ প্ৰয়োজন । সেয়েহে আপুনিও মোৰ আৰু জাতিৰ প্ৰতি দায়বদ্ধ এজন শুভাকাংশী হিচাপে শুভেচ্ছা মূলক আৰ্থিক বৰঙনী তলৰ ঠিকনাত আগবঢ়াই এনে মহৎ কাৰ্য্যৰ সফলতা গৰিমাময় অংশীদাৰ হোৱাৰ বাবে অনুৰোধ জনালোঁ ।”

এই প্ৰচেষ্টাৰ বাবে তেওঁ বিচাৰিছে ৰাইজৰ সহায়। আপুনিও সহায় আগবঢ়াব পাৰে তলত উল্লেখ কৰা বেংক একাউণ্টৰ দ্বাৰা । Name : Shri Kumar Dohutia A/C No. 20130531308 State Bank of India Branch: Doomdooma Branch Code: 3835 Contact No. 7399677030

Share to your Social Account