সময়ৰ চাকনৈয়াত…‘চেকনি বিহু’ৰ পৰা গছতলৰ গাভৰু বিহু’লৈ
![](https://updatenowne.in/wp-content/uploads/2024/03/21-1024x576.jpg)
বিশেষ লেখাঃ (কিৰণ ৰাজখোৱা,সাধাৰণ সম্পাদক,সদৌ অসম মটক সন্মিলন)-
উজনি অসমৰ গাভৰুসকলৰ মাজত বহুলভাৱে প্ৰচলিত গছতলৰ গাভৰু বিহুৰ এক সুকীয়া মর্যাদা আছে। সময়ৰ ধাম-খুমিয়াত বর্তমান মঞ্চত আহি থিতাপি লোৱা ‘জেংবিহু’ বা ‘গছতলৰ গাভৰু বিহু’ৱে পূৰ্বৰ ঐতিহ্যক সম্পূৰ্ণৰূপে অৱমাননা কৰিব বিচৰাতোৱে গাভৰুসকলৰ এই বিশেষ বিহুটোৰ মৰ্যদা বহু পৰিমাণে লঘু কৰি তুলিব সি ধূৰূপ।
পূৰ্বতে গাভৰুসকলৰ এই বিহু মুক্ত আকাশৰ সুনির্দিষ্ট স্থানত (গছতলৰ ঢিপ বা ঢাপৰ ওপৰত) সম্পূৰ্ণ সামাজিক নীতি-নিয়মেৰে পালিত হৈছিল।
বসন্তৰ বলিয়া ‘বা’ই প্রকৃতিক প্রাণোচ্ছল কৰি তোলা বতৰত গাভৰুসকলৰ মন-প্রাণো যেন হৈ পৰে উন্মনা। চ’ত মাহৰ পৰাই গাঁৱৰ গাভৰুসকলে বাঁহেৰে তৈয়াৰী ‘টকা’ নামৰ এবিধ বিশেষ বাদ্য সাজি বিহুৰ প্ৰস্তুতি চলায়। ব’হাগৰ প্ৰথম দিনা গাঁৱৰ ডেকাহঁতে গাঁওখনৰ গাঁওবুঢ়া বা মুখিয়াল ব্যক্তিজনৰ ঘৰত
পুৱাৰ ভাগতে ‘হুঁচৰি’ মাৰি বিহুৰ পাতনি মেলাৰ পাচতে বিয়লিলৈ গাভৰুহঁতে হাতে হাতে ‘টকা’ নামৰ বাদ্যবিধ লৈ পূর্বে চাফ্-চিকুণ কৰি ৰখা নির্দিষ্ট স্থানত গৈ সমূহীয়াভাৱে বিহু মাৰেগৈ। সাধাৰণতে গাঁওখন বা ‘চুবা’টোৰ পথাৰৰ কাষৰ গছতলৰ কোনো ওখ স্থানকে গাভৰুহঁতে বিহু মাৰিবৰ বাবে উপযুক্ত স্থান হিচাবে নির্বাচন কৰি লয় আৰু বিহুৰ আগদিনা ঠাইডোখৰ সাবি-মচি, চাফ্-চিকুণ কৰি বিহু মাৰিবৰ বাবে সুচল কৰি লয়।
বিহুৰ দিনা দলৰ (Group) জ্যেষ্ঠা গাভৰুগৰাকীয়ে হাতত এটা পানীভর্তি ‘লোটা’ বা ‘কলহ’ বা এখন ফুলাম গামোচা, এগচি বন্তী আৰু ফুল বিহুতলীলৈ লৈ আহিব লাগে। এই সামগ্ৰীখিনিৰে বিহুতলীত কিছু সামাজিক নিয়ম-নীতি পালন কৰাৰ পাছতহে গাভৰুহঁতে বিহু মাৰিবলৈ আৰম্ভ কৰে। বিহুতলীলৈ ডেকাসকলৰ আগমনত কোনো হকা-বাধা নাই। কিন্তু বিহুতলীৰ নিৰ্দ্দিষ্ট পৰিধিৰ ভিতৰত তেওঁলোকৰ প্ৰৱেশাধিকাৰ নাথাকে।
বিহু চাবলৈ অহা ডেকাসকলৰ পছন্দৰ ডেকাজনক গাভৰুহঁতে হাতত ‘টকা’ যাচি বিহু নাম গাবৰ বাবে আহ্বান জনোৱাতো এক পৰম্পৰা। হাতত ‘টকা’ পোৱাৰ পাছতহে ডেকাজনেও পছন্দৰ গাভৰুগৰাকীক উদ্দেশ্যি যোৰা নাম আৰম্ভ কৰে আৰু বিহুতলীৰ সকলো গাভৰুৱে আনন্দ-উল্লাসত মত্ত হৈ মার্জিত ভাৱ- ভঙ্গিমাৰে বিহু নাচে। পৰম্পৰাগতভাৱে এই বিহুতলীতে বহু ডেকাই তেওঁৰ জীৱন সঙ্গী নির্বাচন কৰি লয়।
সময়ৰ পৰিৱৰ্তনৰ ঢৌৱে ঢৌৱেই যোৱা আজি সমাজত গাভৰুসকলৰ এই বিশেষ বিহুটিতো পৰিৱৰ্তনৰ চাপ পৰিলক্ষিত হৈছে। সম্পূৰ্ণ প্রাকৃতিভাৱে সজ্জিত বিহুতলীলৈও কৃত্রিমতাৰ প্ৰৱেশ ঘটিছে। পূৰ্বৰ প্ৰাকৃতিক সাজ-সজ্জাৰ পৰিৱৰ্তে গ্রামাঞ্চলসমূহৰ বহু বিহুতলী আজি কংক্ৰিতৰ খুঁটা আৰু টিনেৰে সাজি লোৱা দেখা গৈছে, যি ঐতিহ্যৰ অৱমানাৰে লক্ষণ।
বৰ্তমান ‘গছতলৰ গাভৰু বিহু’ আৰু ‘জেং বিহু’ নামেৰে পৰিচিতি লাভ কৰা গাভৰুসকলৰ এই বিশেষ বিহুটিৰ কেইবাটিও ঐতিহাসিক নাম আজি পাহৰণিৰ গহ্বৰত। মটক-মৰাণ জনগোষ্ঠীৰ বসতি প্রধান গ্রামাঞ্চলত বহুলভাৱে পালিত গাভৰুসকলৰ এই বিহুটিক ঠাইভেদে ‘চেকনি বিহু’ নামেৰে নামকৰণ কৰাৰো উদাহৰণ আছে।
জানিব পৰামতে গাভৰুহঁতে বিহুতলীলৈ যাওঁতে তেওঁলোকৰ লগত গাঁৱখনৰ বা চুবাটোৰ নেতৃস্থানীয় (Leading Person) মহিলা বা আইতা এগৰাকী হাতত এডাল চেকনি লৈ গাভৰুসকলৰ ৰখীয়া (Body Guard) হৈ যোৱাৰ নিয়ম, যাতে বিহুতলীত কোনো অশুভ পৰিস্থিতিৰ উদ্ভৱ নহয়। এই মহিলাগৰাকীয়ে হাতৰ চেকনি জোকাৰি বিহু মাৰিবলৈ অহা ডেকাসকলক বিহুতলীত নিৰ্দ্দিষ্ট পৰিধিৰ ভিতৰলৈ আহিবলৈ বাৰণ কৰি গাভৰুহঁতৰ ৰখীয়াৰ দায়িত্ব পালন কৰে। এনে প্রেক্ষাপটতে গাভৰুসকলৰ এই বিহুটিক ঠাইভেদে ‘চেকনি বিহু’ বোলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
এই পৰম্পৰা বিশেষকৈউজনি অসমৰ ডিব্ৰুগড় জিলাত পালিত হোৱাৰ নজিৰ পোৱা যায়। তিনিচুকীয়া চহৰৰ মাজ-মজিয়াৰ বৰপথাৰ, দহোটীয়াচুক আদি অঞ্চলত আকৌ এই বিহুটিক ‘ঢাপৰ বিহু’ নামেৰে অভিহিত কৰাৰো আভাস পোৱা যায়। ঢিপ বা ঢাপৰ ওপৰত গাভৰুসকলৰ এই বিহুটি পালিত হয় বারেই ছাগে এই নামকৰণ।
‘চেকনি বিহু’, ‘ঢাপৰ বিহু’, ‘জেং বিহু’ বা ‘গছতলৰ গাভৰু বিহু’ নামকৰণ যিয়েই নহওক বা নামকৰণৰ বিৰ্তকতকৈও পৰম্পৰাগত নীতি- নিয়মবিলাকহে যাতে সময়ৰ কোবাল সোঁতত উটি-ভাঁহে বিলুপ্ত নহয় তাৰ প্ৰতি নজৰ ৰখাতোহে বাঞ্চনীয়।