পিতৃৰ সৈতে কন্যাৰ বিবাহ; আচৰিত যেন লাগিলেও সঁচা

আপডেট নাউ, ৬ ডিচেম্বৰ:  আমাৰ সমাজত বিবাহ এক পবিত্ৰ শাৰীৰিক আৰু আত্মিক বান্ধোন। বিবাহৰ জৰিয়তে দুটা দূৰৱৰ্তী পৰিয়ালৰ দৰা আৰু কইনাক শাৰীৰিক সম্পৰ্কৰ ক্ষেত্ৰতে হওক বা সংসাৰ চলাই নিয়াৰ ক্ষেত্ৰত সামাজিক স্বীকৃতি লাভ কৰে। সাধাৰণতে বংশ-কুটুম্বৰ মাজত বিবাহৰ পৰম্পৰা নাই আৰু কোনোৱে যদি তেনেকুৱা বান্ধোনত আবদ্ধ হয় সমাজে স্বীকৃতি নিদিয়ে বৰঞ্চ বহু সমাজত এঘৰীয়া কৰাৰ প্ৰথাহে প্ৰচলন আছে। বিশ্বৰ বহু সম্প্ৰদায় বা জাতি-জনগোষ্ঠীৰ মাজত বিবাহৰ প্ৰথা বেলেগ বেলেগ বা বিভিন্নধৰণৰ ৰীতি-নীতি বা নিয়মৰ মাজত বিবাহ প্ৰচলন আছে।

            কিন্তু অতি শেহতীয়াকৈ বাংলাদেশৰ মেণ্ডী সম্প্ৰদায়ৰ বিবাহৰ ক্ষেত্ৰত এক অদ্ভ²ত নিয়মৰ কথা পোহৰলৈ আহিছে। ইণ্টাৰনেটত পোৱা তথ্য অনুসৰি বাংলাদেশৰ ভিতৰুৱা অঞ্চলৰ এই জনগোষ্ঠীটোত পিতৃয়ে নিজৰ জীয়েকক বিয়া কৰোৱাৰ আচহুৱা তথ্য পোৱা গৈছে। বছৰ বছৰ জুৰি এই জনগোষ্ঠীটোৱে নিজৰ ভাষা, ৰীতি-নীতি আৰু সামাজিক গাঁথনিৰ ক্ষেত্ৰত নিজস্বতা বহন কৰি আহিছে। কিন্তু জনগোষ্ঠীটোৰ মাজত এগৰাকী কন্যা যৌৱনপ্ৰাপ্ত হ’লেই পিতৃয়ে বিবাহ কৰোৱাৰ নিয়ম প্ৰচলিত আছে।

            মেণ্ডী সমাজত কোনোবা এগৰাকী নাৰী বিধৱা হ’লে সম্প্ৰদায়টোৰে কোনোবা পুৰুষে বিধৱাগৰাকীক আদৰি লয় আৰু বিধৱাগৰাকীৰ সন্তানেও পুৰুষজনক তোলনীয়া পিতৃ হিচাবে গ্ৰহণ কৰে। আৰু পুৰুষজনেও বিধৱাগৰাকীৰ সন্তানক নিজৰ সন্তান হিচাবে আদৰি লয়। কিন্তু যদিহে বিধৱা নাৰীগৰাকীৰ কন্যা সন্তান থাকে, তেন্তে সেই কন্যা সন্তানটি প্ৰাপ্তবয়ষ্ক হোৱাৰ লগে লগে  পুৰুষজনে তোলনীয়া কন্যা সন্তানটিক নিজৰ পত্নী হিচাবে গ্ৰহণ কৰে আৰু তোলনীয়া কন্যা সন্তানটিয়েও তোলনীয়া পিতৃক নিজৰ স্বামী হিচাবে বৰণ কৰে।

            এইটো সত্য যে এই পৰম্পৰাত জৈৱিক পিতৃয়ে জৈৱিক কন্যা সন্তা সন্তানৰ পাণি গ্ৰহণ নকৰে। কিন্তু তোলনীয়া জীয়েকক বিয়া কৰোৱাটোও সভ্য সামাজিক সমাজৰ নীতিৰ পৰিপন্থী। কিন্তু মেণ্ডী সমাজৰ মতে এগৰাকী বিধৱা নাৰীক ভৰণ-পোষণ দিয়াৰ লগতে বিধৱা নাৰীগৰাকীৰ সন্তানকো ভৰণ-পোষণ দিয়াটো পিতৃগৰাকীৰ নৈতিক দায়িত্ব।

            শেহতীয়াকৈ এই মেণ্ডী সম্প্ৰদায়ৰে অৰ’লা নামৰ এগৰাকী কিশোৰীৰ ভাষ্যত এই কথা পোহৰলৈ আহিছে। অৰ’লা ১ ভাষ্য অনুসৰি যেতিয়া তাইৰ প্ৰকৃত পিতৃৰ মৃত্যু হয় তাইৰ মাকে অন্য এগৰাকী পুৰুষক বিয়া কৰায় আৰু অৰ’লাইয়ো সেই পুৰুষজনক নিজৰ পিতৃ হিচাবে গ্ৰহণ কৰে। কিন্তু তাই প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে তাই পিতৃ ভাবি অহা পুৰুষজনৰ সৈতে তাইক জবৰদস্তি বিয়া কৰাই দিয়া হয়।

Share to your Social Account