তিনিচুকীয়াত কেবিনেট বৈঠকৰ দিনাই কয়লা মাফিয়াৰ ঘৰত আয়কৰ বিভাগৰ অভিযানৰ নাটক!

তিনিচুকীয়া, ১ ডিচেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দিছপুৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাত কয়লাৰ অবাধ বেহা চলি থকা বুলি অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী । জিলাখনত চলি থকা কয়লা ছিণ্ডিকেটৰ কাণ্ডাৰী হৈছে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তথা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ।

কিন্তু শুকুৰবাৰে অতৰ্কিতে  জিলাখনৰ লিডুৰ তিনি কয়লা মাফিয়া সুনীল গুৰুং, গোবিন ছেত্ৰী আৰু বি গণেশৰ গৃহ তথা উদ্যোগত অতৰ্কিতে আয়কৰ বিভাগৰ অভিযান চলিল । কাকতালীয়ভাৱে আজি তিনিচুকীয়াত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক ।

ইমান দিনে শিল পৰা কপৌৰ দৰে নীৰৱে থকা আয়কৰ বিভাগে কেবিনেট বৈঠকৰ পূৰ্বে কয়লা মাফিয়া গৃহত অভিযান চলোৱা বিষয়টো লক্ষ্যণীয় হৈ পৰিছে । চৰ্চা চলিছে তিনিচুকীয়াত কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ বাবেই চলিছে এই নাটক ।

Share to your Social Account