আছুৰ মুখ্য উপদেষ্ঠাৰ পদ আকৌ খামুচিব সমুজ্জ্বলে !

নিউজ ডেস্ক, ৯ অক্টোবৰ: বিবেকক সুধি আকৌ আছুৰ মুখ্য উপদেষ্টা হোৱাৰ মন বয়সে ভাটি দিয়া বৃদ্ধ ছাত্ৰ নেতা সমুজ্জ্বল ভট্টাচাৰ্যৰ । শংকৰ-উত্পলৰ আশীৰ্বাদ লৈ আছুৰ মৰিগাঁও অধিৱেশত আকৌ মুখ্য-উপদেষ্টা হৈ কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ কুচকাৱাজ চলাইছে মৌনিবুদ্ধ সমুজ্জ্বলে । তিনিচুকীয়া-ডিব্ৰুগড়ত ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধিত নামি পৰিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ।
গণগৰ্জন, বজ্ৰনিনাদৰ নেতৃত্ব লোৱা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য এতিয়া প্ৰেক্ষাপটৰ পৰা বাহিৰত । অসম আন্দোলনৰ পৰা অসমৰ একাধিক সমস্যাত সৱল নেতৃত্ব গ্ৰহণ কৰি ব্যতিক্ৰম হৈ পৰা সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব দিয়া সমুজ্জ্বল ভট্টাচাৰ্য এতিয়া চূড়ান্ত সুবিধাবাদী আৰু ন্যস্ত স্বাৰ্থ পুৰণত ব্যস্ত হৈ পৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আছে ।
শেহতীয়াকৈ বৃদ্ধ ছাত্ৰ নেতা সমুজ্জ্বলে নেতৃত্ব দিয়া আছুৱে অসমৰ কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাত আচৰিত ধৰণৰ নীৰৱতা গ্ৰহণ কৰাৰে পৰা ৰাইজৰ মাজত সন্দেহৰ বৃদ্ধি হৈছে । তিক্ত হ’লেও সত্য যে এসময়ত অসমীয়া ৰাইজৰ হিয়াৰ আমঠু হৈ পৰা সদৌ অসম ছাত্ৰ সন্থাই লাহে জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে ।
এচাম শীৰ্ষ আৰু বৃদ্ধ নেতৃত্বৰ বাবেই সদৌ অসম ছাত্ৰ সন্থাৰ জনপ্ৰিয়তা হ্ৰাস হোৱা বুলি খোদ আছুৰ নেতৃত্বসমূহে আলোচনা কৰা দেখিবলৈ পোৱা যায় । সামাজিক মাধ্যমতো এই বিষয়ক লৈ ব্যপক চৰ্চা হয় । ইয়াৰ মাজতে চৰ্চা চলিছে চলিত মাহৰ ২১ তাৰিখৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’ব লগা আছুৰ অধিৱেশনত ২০২০ চনৰ নৱেম্বৰত অনুষ্ঠিত হোৱা দুলীয়াজান অধিৱেশনৰ দৰে পুনৰ এক আৱেগিক পৰিৱেশ সৃষ্টি কৰি আৰু বিবেকক সুধি মুখ্য-উপদেষ্টাৰ পদ খামুচি ৰখাৰ বাবে কুচকাৱাজ চলাইছে বৰ্ষীয়ান নেতা সমুজ্জ্বল ভট্টাচাৰ্যই ।
এই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰাৰ পূৰ্বে সমুজ্জ্বল ভট্টাচাৰ্যৰ পূৰ্বৰ কাম-কাজত কিঞ্চিত ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ ।
এখিনি সময় আছিল, সৰ্বা-সমুজ্জ্বল অভিধাৰেৰে সমুজ্জ্ব ভট্টাচাৰ্যই সংবাদ শিৰোনাম দখল কৰিছিল । ৰাজনৈতি পট পৰিৱৰ্তনে সেই যোটিতো সলাই পেলালে । বিশ্বস্ত সহযোগী সৰ্বানন্দ সোণোৱালে ক্ষমতাৰ ৰাজনীতিত ভৰি থলেও সমুজ্জ্বল ভট্টাচাৰ্যই আপোচহীন যোদ্ধাৰ দৰে আছু নেৰিলে ।
শংকৰ তপনৰ পাছত দীপাংকৰ লুৰীণৰলৈকে কনিষ্ঠজনৰ সৈতে সমুখ-সমৰৰ নেতৃত্ববাহী হিচাবে আছুৰ অভিভাৱকৰ ভূমিকা পালন কৰিলে । শেহতীয়াকৈ কেব-কা বিৰোধী আন্দোলনক ৰাজপথৰ পৰা খেল পথাৰলৈ, বিদ্ৰোহৰ ৰণডংকাক সাংস্কৃতিক বিলাসীতালৈ পৰ্যৱসিত কৰা বুলি সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ অন্যান্য নেতৃত্বৰ সৈতে সমালোচিত হৈ পৰিছে । এখিনি সময়ত নয়নৰ মণি সদৃশ লুৰীণহঁত বৃদ্ধ পিতামহৰ ভূমিকাত অৱতীৰ্ণ হোৱা নেতাজনৰ পৰা বহু দূৰৈত ।
শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে আছুৰ শীৰ্ষ নেতৃত্বই কোনোধৰণৰ গঠনমূলক সমালোচনাই সহ্য কৰিব নোৱাৰা হৈ পৰিছে । সামাজিক মাধ্যমত চকু ফুৰালেই এই কথা স্পষ্ট হৈ পৰে । এনেবোৰ কাৰণতে আছুৰ বৰ্তমানৰ নেতৃত্বৰ ওপৰত নতুন প্ৰজন্ম বিতুষ্ট হৈ পৰিছে ।
বিবেবক সুধি ২০২০ চনৰ দুলীয়াজান অধিৱেশনত পুনৰ আছুৰ মুখ্য-উপদেষ্টা লোৱা সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত আছুৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা দুৰ্বলস্থিতিৰ বাবে খোদ আছুৰেই নিষ্ঠাৱান নেতৃত্ব হতাশ হৈ পৰিছে । লগতে প্ৰশ্ন উত্থাপন হৈছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু ভাৰপ্ৰাপ্ত সভাপতি উত্পল শৰ্মাৰ ভূমিকাকলৈয়ো ।
কাৰণ লুৰীণজ্যোতি গগৈ আৰু দীপাংক নাথে যিদৰে ৰাইজৰ সমস্যাসমূহ আগত লৈ এক নিকা আৰু সৱল ভাৱমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল তাৰ কাষেই চাপিব নোৱাৰিলে শংকৰ-উত্পলৰ যুটীয়ে । ইয়াৰ বিপৰীতে অতি কম সময়ত ভাৰপ্ৰাপ্ত সভাপতি উত্পল শৰ্মা একাধিক কেলেংকাৰীত অভিযুক্ত হৈ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই উজনি অসমত নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধি কৰিহে চৰ্চিত হৈ পৰিল ।
অসমীয়া প্ৰতিদিনত প্ৰকাশিত এক বাতৰি অনুসৰি-আছুৰ একাংশ প্ৰতিনিধিৰ মতে বিজেপি চৰকাৰে বিগত ৮-৯ বছৰে লালন-পালন কৰি ধনে-জনে প্ৰতিষ্ঠা কৰা ডিব্ৰুগড়ৰ এজন ব্যৱসায়ীৰে লগ লাগি শংকৰজ্যোতি বৰুৱাই বিভিন্ন কোম্পানীৰ ব্যৱসায়ীক কাম-কাজত হস্তক্ষেপ কৰাটো সৰ্বজন বিদিত হৈ পৰিছে ।
একেটা বাতৰিতে উল্লেখ কৰা হৈছে যে অহা ২১ নৱেম্বৰৰ পৰা মৰিগাঁৱত অনুষ্ঠিত হ’ব লগা অধিৱেশনত ছাত্ৰ সন্থাৰ নিষ্ঠাৱান প্ৰতিনিধিসকলে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰা উত্পল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাৰ বিকল্প অনুসন্ধান বিচাৰিছে যদিও ১৯৮৯ চনৰ পৰাই কেন্দ্ৰীয় নেতৃত্বত থকা মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ কান্ধত উঠি দুয়োজনে পুনৰ নেতৃত্বত থাকি যোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ।
ইয়াৰ বিপৰীতে বয়সে ভাটি দিয়া সমুজ্জ্বল ভট্টাচাৰ্যইয়ো নিজেই আকৌ মুখ্য উপদেষ্টাৰ পদত বাহাল থকাৰ সংকীৰ্ণ স্বাৰ্থত নতুন মুখৰ ছাত্ৰ নেতাক বঞ্চিত কৰি উত্পল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাক আন এটা কাৰ্যকালৰ বাবে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
উল্লেখ্য যে আছুৰ দুলীয়াজান অধিৱেশনত সংগঠনটোৰ বিষয়ববীয়া আৰু নেতৃত্বৰ বয়স ৪২ৰ উৰ্ধত হ’ব নালাগে বুলি প্ৰস্তাৱ গৃহীত হৈছিল । কিন্তু বৰ্তমানৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি কেইবাজনো শীৰ্ষ নেতৃত্বৰ বয়সে ৫০-৬০ৰ অতিক্ৰম কৰিছে ।
যদিহে মৰিগাঁৱৰ অধিৱেশ সংগঠনটোৰ বিষয়ববীয়াৰ বয়স ৪২ নিৰ্ধাৰণ কৰা হয় তেন্তে সমুজ্জ্বল ভট্টাচাৰ্যই মুখ্য উপদেষ্টাৰ পদ লাভ কৰাৰ পথটো যতি পৰিব । চৰ্চিত খবৰ অনুসৰি সমুজ্জ্বল ভট্টাচাৰ্যৰ এই দুৰ্বলতাৰ সুযোগ লৈয়ে পুনৰ শংকৰ-উত্পলে আৰু এটা কাৰ্যকালৰ বাবে অধিকাংশ প্ৰতিনিধিয়ে নিবিচাৰিলেও নেতৃত্বত ৰৈ যোৱাৰ পৰিকল্পনা কৰিছে বুলি অভিযোগ উত্থাপন হৈছে ।
দুৰ্নীতিৰ বিৰুদ্ধে অতি ৰহস্যজনক নীৰৱতা অৱলম্বন কাৰ আছুৰ শীৰ্ষ নেতৃত্বৰ এনে মইমতালিৰ বাবে তৃণমূল পৰ্যায়ৰ কৰ্মীসকল বিতুষ্ট হৈ পৰিছে । গতিকে আছুৰ নিষ্ঠাৱান নেতৃত্বই এই সময়ত এক সৱলস্থিতি লৈ একনায়কত্বদাবীসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ।