কাকপথাৰত শিক্ষকৰ দুৰ্নীতিৰ বাতৰি পৰিৱেশন কৰা সাংবাদিকক হাৰাশাস্তি আৰক্ষীৰ; তিনিচুকীয়াত প্ৰতিক্ৰিয়া
![](https://updatenowne.in/wp-content/uploads/2023/11/17-1024x576.jpg)
নিউজ ডেস্ক, ৬ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মাজমজিয়াৰ থকা হিন্দী বিদ্যালয়ৰ শিক্ষকে দুৰ্নীতি কৰা বুলি এজন অভিভাৱকে অভিযোগ কৰা বাতৰি পৰিৱেশ কৰাৰ বাবেই সোমবাৰে কাকপথাৰৰ এজন সংবাদদাতাক আৰক্ষীয়ে ঘন্টা ঘন্টা ধৰি থানাৰ ভিতৰত বহুৱাই ৰাখে।
ঘটনা বিৱৰণি অনুসৰি কাকপথাৰ হিন্দী বিদ্যালয়ত শিক্ষকে ছাত্র-ছাত্রীৰ সাজপাৰ আৰু দুপৰীয়াৰ আহাৰ দিয়াৰ নামত দুৰ্নীতি কৰি থকা বুলি অভিভাৱকে অভিযোগ আনিছিল । সেই অভিযোগৰ ভিত্তিতে বিদ্যালয়ত চলি থকা দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কাকপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক মিণ্টু তালুকদাৰে যোৱা ৪ নৱেম্বৰত এক বাতৰি প্ৰকাশ কৰিছিল।
সেই বাতৰিতে খৰ্গহস্ত হৈ বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰামপ্ৰতি সিং আৰু সহশিক্ষক দিলীপ কুমাৰ সিঙে সাংবাদিকজনৰ ওপৰত এক গোচৰ দিয়াত কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে কোনোধৰণৰ বিচাৰ নকৰাকৈ প্ৰায় দুই ঘণ্টাতকৈ অধিক সময় সাংবাদিকগৰাকীক আৰক্ষী থানাত আৱদ্ধ কৰি ৰাখে। আৰক্ষীৰ এনে কাৰ্যত কাকপথাৰৰ সাংবাদিকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে থানাৰ সন্মুখতে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে ববন সিং নামৰ এজন সচেতন অভিভাৱকে বিদ্যালয়খনত সংঘটিত হৈ থকা বিভিন্ন দুৰ্নীতিসমূহৰ বিৰুদ্ধে সততে মাত মতি আহিছিল । কিছুদিন পূৰ্বে উক্ত অভিভাৱকজনে দুজনমান শিক্ষক বিদ্যালয় এৰি বাহিৰত তহল দি থকাৰ বিৰুদ্ধে মাত মতাত দুজন শিক্ষকে অভিভাৱকজনক প্ৰহাৰ কৰিছিল ৷
এই সন্দৰ্ভত অভিভাৱকজনে সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰিয়েই সাংবাদিক মিণ্টু তালুকদাৰে বাতৰি প্ৰচাৰ কৰিছিল৷ ৰহস্যজনকভাৱে কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে বাতৰিটোৰ সত্যাসত্য বিচাৰ নকৰাকৈ দুই ঘণ্টাতকৈ অধিক সময় সাংবাদিকগৰাকীক আৱদ্ধ কৰি ৰাখে ৷ আৰক্ষী বিষয়া গৰাকীৰ এনে কাৰ্যক তিনিচুকীয়া জিলা সাংবাদিক সন্থা, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদি যুৱ ছাত্ৰ পৰিষদ, কাকপথাৰৰ আঞ্চলিক সমিতি, কলিতা জাতি যুৱ ছাত্ৰ পৰিষদ আদি সংগঠনে গৰিহণা দিছে ৷
আনহাতে বিদ্যালয়খনত সংঘটিত হৈ থকা দুৰ্নীতি সন্দৰ্ভত বহুবাৰ ৰাইজে শিক্ষা বিভাগক অভিযোগ দাখিল কৰিছে যদিও জিলা শিক্ষা বিষয়াগৰাকীৰ নিদ্ৰা ভাঙিব পৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে ৷ আজি পুনৰ ৰাইজে বিদ্যালয়খনত সংঘঠিত হৈ থকা দুৰ্নীতি সন্দৰ্ভত উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আৰক্ষী বিষয়াগৰাকীৰ জৰিয়তে জিলা আয়ুক্ত আৰু শিক্ষা বিষয়ালৈ স্মাৰক পত্রও প্ৰেৰণ কৰে ৷