উৎকোচ লৈ আকৌ গ্ৰেপ্তাৰ হ’ল খঁকুৱা লাট মণ্ডল

নিউজ ডেস্ক, ১১ ডিচেম্বৰঃ দুৰ্নীতি আৰু দুৰ্নীতিমূলক কাৰ্যকলাপৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি দুৰ্নীতি নিবাৰক বঙাইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ত অভিযান চলায় আৰু ১১ ডিচেম্বৰত উৎকোচ লোৱাৰ অভিযোগত এজন চৰকাৰী বিষয়াক গ্ৰেপ্তাৰ কৰে।

তথ্য অনুসৰি উৎকোচ লোৱাৰ অভিযোগত সুধীৰ পাল নামৰ লাট মণ্ডলগৰাকী গ্ৰেপ্তাৰ কৰা হৈছে । সম্প্ৰতি ঘোচখোৰ লাট মণ্ডল সুধীৰ পালৰ জেৰা অব্যাহত আছে ।

উল্লেখ কৰা প্ৰয়োজন, সোমবাৰে প্ৰকাশিত ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্য অনুসৰি, আগৰ দুটা বছৰৰ তুলনাত ২০২২ চনত অসমত দুৰ্নীতিৰ গোচৰত যথেষ্ট বৃদ্ধি পাইছে।

অসমত এই বছৰ দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) সম্পৰ্কীয় ধাৰাৰ অধীনত ৫৭ টা গোচৰ ৰুজু কৰা হৈছে । আনহাতে ২০২০ আৰু ২০২১ বৰ্ষত এই সংখ্যা আছিল ১৬ টা।

Share to your Social Account