ছৈখোৱাত বনৰীয়া হাতীৰ আক্ৰমণত আহত বনকৰ্মী

নিউজ ডেস্ক,২৭ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ অন্তৰ্গত ছৈখোৱা হাঁহখাটীৰ সমীপৰ লাউপানী-মালভোগত গাঁৱত আজি মেচাকী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে আক্ৰমণ কৰি দুগৰাকী বনকৰ্মীক আহত কৰে। আনহাতে পলাবলৈ লওঁতেই আন তিনিগৰাকী বন কৰ্মী কিছু পৰিমাণে আহত হয়।

উল্লেখযোগ্য যে হাঁহখাটী মেচাকী বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে দীৰ্ঘদিন ধৰি উপদ্রব চলাই আছে । আজি তালাপ বন সংমণ্ডলৰ পৰা যোৱা বন বিভাগ দল এটাই বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা ৷ বনৰীয়া হাতীয়ে দলটোলৈ চোচা লওঁতেই দুগৰাকী বন কৰ্মী আহত হোৱাৰ উপৰিও অন্য তিনি গৰাকী বনকৰ্মীও কিছু পৰিমাণে আঘাট প্ৰাপ্ত হয়।

বনৰীয়া হাতীৰ আক্ৰমণত আহত হোৱা বন কৰ্মী দুগৰাকী হৈছে প্ৰহ্লাদ ৰাজবংশী , পংকজ পেগু ৷ ইয়াৰে প্ৰহ্লাদ ৰাজবংশীৰ আঘাট গুৰুতৰ বুলি জানিব পৰা গৈছে ৷

Share to your Social Account