মণিপুৰত স্ব-শাসিত চৰকাৰ আৰু পৃথক মুখ্যমন্ত্ৰীৰ কথা ঘোষণা ITLFৰ; চুৰাচান্দপুৰ থানাত গোচৰ ৰুজু আৰক্ষীৰ

নিউজ ডেস্ক, ১৮ আগষ্ট: মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে কুকি-জ’ লোকসকলৰ “স্ব-শাসন” সন্দৰ্ভত ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ’ৰাম (ITLF)ৰ সাধাৰণ সম্পাদক মুয়ান টম্বিঙে কৰা বক্তব্যৰ বাবে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।

১৫ নৱেম্বৰত টম্বিঙে কয় যে জনজাতীয় সম্প্ৰদায়ৰ এজন পৃথক মুখ্যমন্ত্ৰী থাকিব, আৰু ৩ মে’ত ৰাজ্যখনত জাতিগত হিংসাৰ সূত্ৰপাত হোৱাৰ সময়ত ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা বাহিৰ হ’বলৈ বাধ্য হোৱা সম্প্ৰদায়ৰ চৰকাৰী বিষয়াসকলক দায়িত্ব দিয়া হ’ব।

উল্লেখ্য যে চুৰাচান্দপুৰ আৰক্ষী থানাত বিভিন্ন ধাৰাৰ অধীনত পঞ্জীয়ন কৰা গোচৰটো ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ষড়যন্ত্ৰ, বা যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰা, দেশদ্ৰোহ, হিংসা আৰু অপৰাধমূলক ষড়যন্ত্ৰ আদিৰ সৈতে সম্পৰ্কিত । এদিন পূৰ্বে, মণিপুৰ চৰকাৰে এক বিবৃতি জাৰি কৰি কয় যে আইটিএলএফে যি দাবী কৰিছে তাৰ কোনো আইনী বা সাংবিধানিক ভিত্তি নাই।

“এই দায়িত্বজ্ঞানহীন মন্তব্যটো অনুপ্ৰেৰিত আৰু ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক বিকৃত আৰু বিচলিত কৰাৰ লক্ষ্যৰে দিয়া হৈছে। আইটিএলএফ আৰু সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে,’’ বিবৃতিটোত লগতে কোৱা হয় ।

Share to your Social Account