মণিপুৰত পুনৰ হিংসা; বিদ্ৰোহীৰ গুলীত নিহত মহিলাসহ 3

আৰক্ষীৰ সূত্ৰঅনুসৰি, আক্ৰমণকাৰীসকলে সেনাৰ পোছাক পৰিধান কৰি সামৰিক বাহিনীৰ দ্বাৰা ব্যৱহৃত বাহনৰ দৰে বাহন চলাইছিল ৷

Share to your Social Account

নিউজ ডেস্ক, 9 জুনঃ মণিপুৰত নতুনকৈ সংঘটিত হিংসাত্মক ঘটনাত পুনৰ এগৰাকী মহিলাকে ধৰি কমেও তিনিজন লোকৰ প্ৰাণ হেৰুৱাইছে ৷ আনহাতে শুকুৰবাৰে খোকেন গাঁৱত সন্দেহযুক্ত বিদ্ৰোহীৰ এই আক্ৰমণত আন দুজন আহত হয়, সেনাসূত্ৰই সদৰী কৰিছে এই কথা ৷

খোকেন গাঁৱখন কাংপোকপি আৰু পশ্চিম ইম্ফল জিলাৰ মাজৰ সীমাত অৱস্থিত ৷ তথ্য অনুসৰি সন্দেহযুক্ত বিদ্ৰোহী আৰু ভুক্তভোগীসকল বিভিন্ন সম্প্ৰদায়ৰ আছিল ৷

আৰক্ষীৰ সূত্ৰঅনুসৰি, আক্ৰমণকাৰীসকলে সেনাৰ পোছাক পৰিধান কৰি সামৰিক বাহিনীৰ দ্বাৰা ব্যৱহৃত বাহনৰ দৰে বাহন চলাইছিল ৷ তেওঁলোকে শুকুৰবাৰে পুৱা খোকেন গাঁৱত উপস্থিত হয় আৰু তেওঁলোকৰ স্বয়ংক্ৰিয় ৰাইফলৰে গাঁৱবাসীৰ ওপৰত গুলী চালনা কৰে ৷

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ’ৰামে (আইটিএলএফ) কয় যে এই আক্ৰমণ বিদ্ৰোহীসকলে দেখুওৱা ‘সম্পূৰ্ণ অৱজ্ঞা’ৰ আন এটা উদাহৰণ ৷ ঘটনাৰে জড়িত থকাৰসকলৰ বিৰুদ্ধে বৱস্থা গ্ৰহণৰ বাবেও ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ’ৰামে দাবী জনাইছে ৷

সম্প্ৰতি গাওঁখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত গোট মোতায়েন কৰা হৈছে ৷ ইফালে, আন দুখন জিলাৰ পৰা ঘৰ জ্বলোৱাকে ধৰি হিংসাত্মক ঘটনাৰ খবৰ পোৱা গৈছে । কিন্তু আনুষ্ঠানিকভাৱে নিশ্চিতি তথ্য লাভ কৰা নাই ৷

Share to your Social Account