নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বেই ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণ; IED বিস্ফোৰণত নিহত সেনা জোৱান
নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰঃ ছত্তীশগড়ৰৰ নাৰায়ণপুৰ জিলাত মাওবাদীৰ দ্বাৰা সংঘটিত বিস্ফোৰণৰ ফলত ছত্তীশগড়ৰ সশস্ত্ৰ বাহিনীৰ (চিএএফ) এজন জোৱান নিহত হয় আৰু আন এজন আহত হয় । আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য ।
সংবাদ সংস্থা পিটিআইৰ উদ্ধৃতিৰে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে নিৰাপত্তা বাহিনী
অঞ্চলত টহল দিবলৈ যোৱাৰ সময়তে ছোটে ডংগাৰ আৰক্ষী থানাৰ অন্তৰ্গত Aamdai Ghati iron ore mine নামৰ এলেকাত পুৱা প্ৰায় ১১ বজাত এই ঘটনা সংঘটিত হয়।
তেওঁ কয়, “মাওবাদীয়ে এটা আইইডি বিস্ফোৰণ সংঘটিত কৰে আৰু টহলদাৰী দলটোৰ ওপৰত গুলীবৰ্ষণ কৰে যাৰ ফলত দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়।”
ঘটনাটোত চিএএফৰ ৯ম বেটেলিয়নৰ কনিষ্টবল কমলেশ চাহু নিহত হয়, আনহাতে আন এজন কনিষ্টবল বিনয় কুমাৰ চাহু সামান্য আঘাতপ্ৰাপ্ত হয় বুলি তেওঁ সদৰী কৰে।
মৃত জোৱানজন ৰাজ্যখনৰ জাঞ্জগিৰ-চম্পা জিলাৰ বাসিন্দা। আহত জোৱানজনক স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। আৰক্ষীয়ে লগতে কয় যে অঞ্চলটোত ইণ্ডো তিব্বত সীমান্ত আৰক্ষী আৰু জিলা ৰিজাৰ্ভ গাৰ্ডৰ এটা যুটীয়া দলে তালাচী অভিযান চলি আছে।
বছৰটোৰ আৰম্ভণিতে ছত্তীশগড়ৰ দান্তেৱাড়া জিলাত মাওবাদীয়ে সংঘটিত কৰা এক IED বিস্ফোৰণত দহজন নিৰাপত্তাৰক্ষী আৰু এজন চালক নিহত হৈছিল।
উল্লেখ্য যে আজি শপত গ্ৰহণ কৰিব ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে ।