ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জুনঃ ইউক্ৰেইনৰ মধ্য চহৰ ক্ৰিভি ৰিহৰ অসামৰিক অট্টালিকাত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণ ৷ এই আক্ৰমণত অতি কমেও ৩ জন লোক নিহত হোৱাৰ বিপৰীতে ২৫ জন লোক আহত হৈছে ৷ মঙলবাৰে ৰাতিপুৱা হোৱা আক্ৰমণত ধ্বসং প্ৰাপ্ত অসামৰিক আন্তঃগাঁথনিৰ ভিতৰত এটা বহুমহলীয়া আৱাসিক ভৱন আছিল ৷ “মিছাইল আক্ৰমণত এটা পাঁচ মহলীয়া অট্টালিকা ধ্বংস হয় ।
প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, ইয়াৰ তিনিজন বাসিন্দাৰ মৃত্যু হৈছে ৷ ২৫ জন লোক আহত হৈছে ৷’’ সূত্ৰত প্ৰকাশ ৷ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰতিশ্ৰুতি দিয়ে যে ৰাছিয়াৰ “সন্ত্ৰাসবাদীসকলক কেতিয়াও ক্ষমা কৰা নহ’ব” আৰু তেওঁলোকে উৎক্ষেপণ কৰা প্ৰতিটো মিছাইলৰ বাবে তেওঁলোকক দায়বদ্ধ কৰা হ’ব ৷
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’ ফুটেজত দেখা গৈছে যে আৱাসিক এপাৰ্টমেণ্টবোৰ ক্ষতিগ্ৰস্ত হৈছে অন্যান্য অঞ্চলত জুই লাগিছে ৷ পূৰ্বেও ক্ৰিভি ৰিহত ডিচেম্বৰ মাহত ৰাছিয়ান মিছাইল আক্ৰমণত তিনিজন লোক নিহত হোৱাৰ বিপৰীতে কমেও ১৩ জন আহত হৈছিল ৷
ৰাজধানী কিয়েভো মঙলবাৰে পুৱা মিছাইল আৰু ড্ৰোন আক্ৰমণৰ সন্মুখীন হৈছিল কিন্তু বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে চহৰখনৰফালে যোৱা সকলো বস্তু ধ্বংস কৰিছিল, সামৰিক বিষয়াসকলে কয় ৷‘