Video: এইবাৰ মণিপুৰত হিন্দু বনাম মেইটেই; মন্দিৰ বিবাদক কেন্দ্ৰ কৰি হিন্দুৰ ওপৰত গুলীচালনা মেইটেইৰ
![](https://updatenowne.in/wp-content/uploads/2023/12/76-1024x576.jpg)
নিউজ ডেস্ক, ১৭ ডিচেম্বৰঃ মণিপুৰৰ ৰাজধানী ইম্ফলত মেইটেই লীপুনৰ মুৰব্বী প্ৰমোত সিঙে( Meitei Leepun chief Pramot Singh) ভূমি বিবাদক লৈ অ-মণিপুৰীসকলৰ ওপৰত গুলীচালনা কৰাৰ এক ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে উত্তেজনাৰ।
ঘটনাটোৰ ভিডিঅ’টো বিজেপিৰ প্ৰাক্তন সাংসদ এইচ এছ বেঞ্জামিন মেটে(H S Benjamin Mate) তেওঁৰ X হেণ্ডেলত শ্বেয়ৰ কৰিছে । য’ত প্ৰমোত সিঙক স্পষ্টভাৱে পিষ্টল চলোৱা দেখা যায়। খবৰ অনুসৰি মেইটেই লীপুনৰ মুৰব্বীয়ে ইম্ফলৰ মণিপুৰী মন্দিৰৰ ভূমিত বেদখলৰ অভিযোগত অ-মণিপুৰীসকলৰ এটা গোটক ভাবুকি দি আহিছিল।
চিচিটিভি কেমেৰাত প্ৰত্যক্ষ কৰা ভিডিঅ’টোত প্ৰমোত সিং আৰু এটা দল থিয় হৈ কথা পাতি থকা দেখা গৈছে। ভিডিঅ’টোৰ সময়ত, প্ৰমোত সিঙক পিষ্টল এটা দাঙি ধৰা আৰু আনকি গুলীচালনা কৰা দেখা যায়। এই ঘটনাটোত কোনো হতাহত হোৱাৰ খবৰ এই পৰ্যন্ত লাভ কৰা হোৱা নাই ।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত ভিডিঅ’টো শ্বেয়াৰ কৰি এইচ এছ বেঞ্জামিন মেটে কয়, “মৌলবাদী মেইটেই লীপুন নেতা প্ৰমোত সিং আৰু মেইটেই সশস্ত্ৰ উগ্ৰপন্থীয়ে ইম্ফলৰ তিলুপতিত বাস কৰা মূল ভূখণ্ডৰ ভাৰতীয়সকলৰ ওপৰত গুলীচালনা কৰে। বীৰেন সিঙৰ ইম্ফলত কোনেও সুৰক্ষিত হোৱা দেখা নাযায়।”
(“The radical Meitei Leepun leader Mr Pramot Singh & Meitei armed militia Arambai Tenggol firing their guns at mainland Indians living in Imphal Tilupati, in d presence of Manipur Police was captured by CCTV cameras. Nobody seems to b safe in Biren Singh’s Imphal.”)
ইণ্ডিয়া টুডে এনইৰ বাতৰি অনুসৰি ইতিমধ্যেই প্ৰমোত সিঙে তেওঁৰ কাৰ্যকলাপৰ স্বীকাৰ কৰিছে । তেওঁ কয় যে আৰক্ষী আৰু বিধায়ক উভয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ বাবে বাবে তেওঁ এই পদক্ষেপ ল’বলৈ বাধ্য হয় ।
“হিন্দু মন্দিৰ আৰু মেইটেই মন্দিৰৰ মাজত আদালতৰ নিৰ্দেশিত সীমানিৰ্ধাৰণ কৰা হৈছে। কিন্তু হিন্দুসকলে বেদখল কৰি আছে, যাৰ ফলত কাজিয়াৰ সূত্ৰপাত হৈছে। মই তেওঁলোকক আইন অনুসৰি যাবলৈ পৰামৰ্শ দিছিলো। আৰক্ষীয়ে একো কৰিব নোৱৰাৰ বাবে মই নিজেই এয়া কৰিছিলো,” প্ৰমোত সিঙে কয় ।