৭০ হাজাৰ যুৱক-যুৱতীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন নিযুক্তিৰ জৰিয়তে নিৰ্বাচিত প্ৰায় ৭০,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব ৷

Share to your Social Account

নেশ্যনেল ডেস্ক, ১৩ জুনঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন নিযুক্তিৰ জৰিয়তে নিৰ্বাচিত প্ৰায় ৭০,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব ৷ প্ৰধানমন্ত্ৰীগৰাকীয়েও এই উপলক্ষে নৱনিযুক্ত যুৱক-যুৱতীসকলক সম্বোধন কৰিব বুলি সোমবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ’) কয় ৷

প্ৰধানমন্ত্ৰী মোদীয়ে ১৩ জুনৰ পুৱা ১০:৩০ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে প্ৰায় ৭০,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব, পিএমঅ’য়ে এক বিবৃতিত কয় ৷ কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি মেলাৰ উদ্যোগৰ (Job Mela) অধীনত নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব ৷

এই উপলক্ষে সমগ্ৰ দেশৰ ৪৩ টা স্থানত নিযুক্তি মেলা আয়োজন কৰা হ’ব।নিযুক্তি মেলাৰ অধীনত, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিযুক্তি গুৰুত্ব প্ৰদান কৰা হৈছে। বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজহ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, ৰে’ল মন্ত্ৰালয়, অডিট আৰু একাউণ্ট বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, গৃহ মন্ত্ৰালয়কে ধৰি বহুতো বিভাগত নতুন নিযুক্তি প্ৰদান কৰা হৈছে ৷

‘ৰোজগাৰ মেলা’ হৈছে চাকৰি সৃষ্টিক সৰ্বাধিক অগ্ৰাধিকাৰ দিয়াৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷’ প্ৰধানমন্ত্ৰী কাৰ্যালায়ৰ বিবৃতিটোত কোৱা হৈছে ৷ নিযুক্তি মেলাই যুৱসকলক তেওঁলোকৰ সৱলীকৰণ আৰু দেশৰ উন্নয়নত অংশগ্ৰহণৰ বাবে অৰ্থপূৰ্ণ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে । নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰীসকলেও iGOT কৰ্মযোগী পৰ্টেলত নিজকে প্ৰশিক্ষণ দিয়াৰ সুযোগ লাভ কৰিছে ৷ ইয়াত ৪০০ ৰো অধিক ই-লাৰ্ণিং পাঠ্যক্ৰম উপলব্ধ আছে ৷

Share to your Social Account