সলনি নহ’ল অগপৰ নেতৃত্ব : মুকুটবিহীন সম্ৰাট হৈ থাকিবলৈও প্ৰস্তুত অতুল বৰা

বোকাখাত (পল্লৱ হাজৰিকা),১২ ফেব্ৰুৱাৰী, ২০২৪: সলনি নহ’ল অগপৰ নেতৃত্ব। দুটাকৈ কাৰ্যকাল কৃষি মন্ত্ৰীত্ব লাভ কৰিবলৈ সক্ষম হোৱা অতুল বৰা পুনৰবাৰ অগপৰ সভাপতি হ’ল আৰু কাৰ্যকৰী  সভাপতি হ’ল কেশৱ মহন্ত।

হয়, আঞ্চলিকতাবাদক নিঃশেষ কৰি বিজেপি আৰু RSSৰ বাণী গাৱেঁ-ভূঞে নিগাজিকৈ বিয়পাবলৈ আৰু নিজৰ স্থান অটুত ৰাখিবলৈ অতুল-কেশৱক এনেদৰে সভাপতি/কাৰ্যকৰী  সভাপতি কৰি ৰখা অবধাৰিতই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে। কাৰণ আঞ্চলিকতাবাদৰ শ্মসান ৰখিবলৈ তেওঁলোকতকৈ আৰু উৎকৃষ্ট তোষামোদকৰী মুখ্যমন্ত্ৰীগৰাকীয়ে নেপালেহেঁতেন।

ইফালে দুটাকৈ কৰ্যকাল এখন কৃষিপ্ৰধান ৰাজ্যৰ কৃষি মন্ত্ৰীৰ পদবী লাভ মন্ত্ৰী অতুল বৰাই ৰাজ্যখনৰ কৃষিখণ্ডৰ কি অভূতপূৰ্ব পৰিবৰ্তন আনিলে সেয়া অসমৰ ৰাইজে নিশ্চয়কৈ জানে। অগপৰ কাৰ্যকৰী সভাপতি হোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়েও স্বাস্থ্যখণ্ডলৈ কিহৰ জোৱাৰ আনিলে সেয়াও ৰাইজে জানে।

গতিকে এটা সাম্প্ৰদায়িক ৰাজনীতি আৰু হিংসাৰ বিষবাষ্প অহৰহ সমাজত বিয়পায় থকা সৰ্বভাৰতীয় দলৰ নেগুৰত ধৰি অতুল-কেশৱৰ অগপই কি প্ৰগতিশীল জাতিয়তাবাদৰ আদৰ্শৰে দলটোক আগবঢ়াই নিব ?

আচলতে নতুন চিন্তাৰে অগপক আগবঢ়াই নিবলৈ তৃণমূল পৰ্যায়ত যে দলটোৰ কণকঠীয়া কেতিয়াবাই মৰিল আনকি যিকেইজন অগপ কৰ্মী তৃণমূলত আছে সেয়াও ছদ্মবেশী বিজেপিহে গতিকে নিজৰ স্বকীয়তাহীন ৰাজনৈতিক ভবিষ্যত আৰু সীমাহীন অৰ্থৰ স্বপ্ন সুৰক্ষিত কৰি ৰাখিবলৈ পুণৰ NDA লগত সনাপিতিকা কৰি থকাৰ বাহিৰে আৰু কি উপায় আছিল অতুল-কেশৱৰ।

গতিকে দায়িত্বভাৰ লৈয়েই মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ NDAক জয়ী কৰোৱাৰ বাবে বদ্ধপৰিকৰ হ’ল অতুল বৰা আৰু কেশৱ মহন্ত ।তাৰ বাহিৰে উপায় নাছিল তেওঁলোকৰ।

সেয়ে দুবাৰকৈ অসমৰ শাসনভাৰ চম্ভলা তথাকথিত জাতীয়তাবাদী শীৰ্ষনেতৃত্ব এতিয়া অনন্তকাললৈ সাম্প্ৰদায়িক ৰাজনীতিৰ বহতীয়াহৈ মুকুটবিহীন সম্ৰাট হৈ থাকিবলৈও প্ৰস্তুত।

Share to your Social Account