বিবাহত বাধা; বিহপান কৰি প্ৰেমিক-প্ৰেমিকাৰ আত্মহত্যা

নিউজ ডেস্ক, ২১ নৱেম্বৰ: দৰং জিলাৰ ছিপাঝাৰত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা । দুই প্ৰেমিক-প্ৰমিকাৰ বিহপান কৰি আত্মহত্যা । জানিব পৰা মতে, সোমাবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা ।

স্থানীয়লোকে সদৰী কৰা অনুসৰি প্ৰেমিকৰ বয়স আছিল ২১ বছৰ । কিন্তু প্ৰেমিকা আছিল নাবালিকা । দুয়ো বিবাহত বহাৰ সিদ্ধান্ত লৈছিল যদিও পৰিয়ালৰ লোকে বিয়াত বহাৰ বাবে অনুমতি প্ৰদান কৰা আছিল । সেয়েহে দুই প্ৰেমিক-প্ৰেমিকাই বিহপান কৰি আত্মহত্যা কৰে ।

উল্লেখ্য যে অসম চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে কঠোৰ ব্যৱস্থা । এনে প্ৰেক্ষাপটত দুয়োৰে বিবাহত অনুমতি প্ৰদান কৰা নাছিল পৰিয়ালৰ লোকে । সেইবাবেই দুয়ো বাচি লয় চৰম পন্থা । উল্লেখ্য যে ছিপাঝাৰৰ ২নং শুক্টাগুৰীত এই ঘটনা সংঘটিত হয় ।

Share to your Social Account