ডুমডুমাৰ সাগৰ হোটেলত নিশা হাতত চোকা অস্ত্ৰ লৈ তিনি যুৱকৰ তাণ্ডৱ

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সাগৰ হোটেলত শনিবাৰে নিশা তিনিজন যুৱকে তাণ্ডৱ চলাই হোটেলৰ মালিকসহ কৰ্মচাৰীক চোকা অস্ত্ৰৰে আক্ৰমণৰ ঘটনা সংঘটিত হয় ।

শনিবাৰে নিশা ডুমডমাত থকা সাগৰ হোটেলত তিনিজন যুৱকে হোটেলৰ মালিকৰ লগতে কৰ্মচাৰীক চোকা অস্ত্ৰৰে আকক্ৰমণ কৰাৰ পাছতে হোটেলখনৰ এজন কৰ্মচাৰী চিকিত্সাধীন হ’ব লগা হয়। 

হোটেলখনৰ স্বাত্বাধিকাৰীয়ে অভিযোগ কৰা অনুসৰি কোনো কাজিয়া বা সংঘাত নথকাকৈয়ে অতৰ্কিতে হোটেলৰ মালিক আৰু কৰ্মচাৰীক আক্ৰমণ কৰে।

হোটেল খনত দা লৈ আক্ৰমণ কৰা পেঙেৰীৰ টেকেৰী গাঁৱৰ কামাখ্যা মৰাণ(২৭) নামৰ যুৱক জনক স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে যদিও আন দুজন যুৱক পলাই হাৰিবলৈ সক্ষম হয়। ঘটনা সংঘটিত কৰা যুৱককেইজনে অনা এখন মটৰ চাইকেলো জব্দ কৰিছে আৰক্ষীয়ে।

ডুমডুমা চহৰৰ মাজমজিয়াত অৱস্থিত হোটেলখনত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডুমডুমাত।

আনহাতে আৰক্ষী তথা প্ৰশাসনৰ নিলিপ্ততাৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ হোটেলৰ স্বাধীকাৰীয়ে।  আক্ৰমণকাৰী আন দজুন যুৱকজনক গ্ৰেপ্তাৰৰ বাবে এতিয়া জোৰদাৰ অভিযান আৰম্ভ ডুমডুমা আৰক্ষীয়ে।

Share to your Social Account