নৰেন্দ্ৰ মোদীক ভোট নিদিলে দেশ আমেৰিকাৰ হাতত বিক্ৰী হ’ব- ৰমাকান্ত দেউৰী

দেশৰ অৰ্থনৈতিক সংকটৰ সময়ত বেলেগ প্ৰধানমন্ত্ৰী হ’লে যে দেশখন আমেৰিকাৰ হাতত বিক্ৰী হৈ যাব সেয়া সকলো যুৱক-যুৱতীয়েই উপলব্ধি কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

Share to your Social Account

নিউজ ডেস্ক , ৯ জুনঃ স্বৰচিত গীত গোৱাৰে পৰা আৰম্ভ কৰি বিভিন্ন মন্তব্য কৰি চৰ্চাত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী ।‌ এইবাৰ ৰমাকান্ত দেউৰীৰ মন্তব্য “নৰেন্দ্ৰ মোদীৰ‌ বাহিৰে বেলেগ প্ৰধানমন্ত্ৰী হ’লে দেশখন বিক্ৰী কৰি দিব।”

আগন্তুক লোকসভা নিৰ্বাচন আৰু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত মন্তব্য কৰি এই কথা উল্লেখ কৰে দেউৰীয়ে । দেশৰ অৰ্থনৈতিক সংকটৰ সময়ত বেলেগ প্ৰধানমন্ত্ৰী হ’লে যে দেশখন আমেৰিকাৰ হাতত বিক্ৰী হৈ যাব সেয়া সকলো যুৱক-যুৱতীয়েই উপলব্ধি কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

বিজেপিৰ বাহিৰে আন কোনো চৰকাৰে নিকাভাৱে নিযুক্তি দিব পাৰে বুলিয়ো ৰমাকান্ত দেউৰীয়ে প্ৰশ্ন কৰে । দেশৰ নৱ প্ৰজন্মই ২০২৪ৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীকেই আকৌ নিৰ্বাচন কৰিব বুলিও তেওঁ কয় ।

উল্লেখ্য যে মাত্ৰ দুদিন পূৰ্বে নিজ দলৰ বিৰুদ্ধেই সৰল হৈছিল দেউৰী । বিজেপি দলৰ জনজাতি বিৰুধী স্থিতিক তেওঁ সমালোচনা কৰি জনজাতিৰ ‘বেল্ট এণ্ড ব্লক’ ৰক্ষা নকৰিলে ৰাজ্যখন বাংলাদেশীয়ে ভৰি পৰিব বুলি তেওঁ মন্তব্য কৰিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ৰাইজৰ সমস্যা হৃদয়ংগম কৰাৰ বাবে আহ্বান জনাইছিল দেউৰীয়ে ।

Share to your Social Account