অস্তিত্বৰ সংকটত মটক ৰাজ্যৰ ঐতিহাসিক সমল; তিনিচুকীয়াত মটকৰ স্বাভিমান গ্ৰাস কৰিলে বহিৰাগত বণিয়াই

তিনিচুকীয়াৰ বৰবজাৰৰ চাউলধোৱা পুখুৰীৰ 18 বিঘা মাটি বনীয়াৰ বেদখলত থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আছে ৷

Share to your Social Account

ৰাজ্যৰ পৌৰাণিক কৃতিচিহ্নসমূহক উপযুক্তভাৱে সংৰক্ষণ কৰাৰ লগতে সৌন্দৰ্যবৰ্ধন কৰা হৈছে নে সেয়া বৰ্তমানৰ এক ডাঙৰ প্ৰশ্ন ৷ কিন্তু তিনিচুকীয়া জিলাত থকা বহু ঐতিহাসিক সমল আজিও অৱহেলিত, অনাদৃত তথা বহু ভূমি বেদখলকাৰীৰ কৱলত ৷

উল্লেখ্য যে ১৮০০ শতিকাতে মটক ৰাজ্যৰ ৰাজধানী বেংমৰা তথা বৰ্তমান তিনিচুকীয়া চহৰৰ মাজমজিয়াত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহই খন্দোৱাইছিল 9 টাকৈ পুখুৰী ৷ ইয়াৰ ভিতৰত এটা অন্যতম পুখৰী হ’ল তিনিকোণীয় পুখুৰী ৷ এই পুখৰীটোৰ পৰাই উৎপত্তি হৈছিল তিনিচুকীয়া নামটো ৷

উল্লেখ্য যে এই পুখুৰীসমূহৰ সৌন্দৰ্যবৰ্ধন তথা সংৰক্ষণৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও কাৰ্যত একো হোৱা দেখিবলৈ পোৱা নগ’ল ৷ উল্লেখ্য যে তিনিচুকীয়াৰ বৰবজাৰৰ চাউলধোৱা পুখুৰীৰ 18 বিঘা মাটি বনীয়াৰ বেদখলত থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আছে ৷

সম্প্ৰতি চাউলধোৱা পুখুৰীৰ নামত এবিঘামানহে ভূমি ৰৈছেগৈ ৷ জানিব পৰা মতে চাউলধোৱা পুখুৰীৰ 18 বিঘা ভূমিৰ 17 বিঘাই অতি কৌশলপূৰ্ণভাৱে লোহিয়া টেৰিটেয়িল ন্যাসৰ নামত দীপক লোহিয়া নামৰ এজন পুঁজিপতি বনীয়াই বেদখল কৰি ৰাখিছে ৷ আনহাতে সেই ভূমি পট্টা নিজৰ নামত কৰি লোৱাৰো তথ্য উন্মোচিত হৈছে ৷

স্মৰ্তব্য যে 2015 চনতে ৰাজ্য চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালিকা দীপি ৰেখা কৌলিয়ে চাউলধোৱা পুখুৰীৰ ভূমি বেদখলমুক্ত কৰি সেই ভূমি পূৰাতত্ত্ব বিভাগক চমজাই দিবলৈ তদানীন্তন জিলা উপায়ুক্তক নিৰ্দেশ দিছিল ৷ কিন্তু সেই নিৰ্দেশনাও কাৰ্যকৰী হোৱাৰ পৰিলক্ষিত নহ’ল ৷ অসম পৌৰাণিক কৃতিচিহ্ন সংৰক্ষণ আইন 1959ৰ 12 নং ধাৰা অনুসৰি কোনো ঐতিহাসিক কৃৰ্তিচিহ্নৰ ভূমি কোনো ব্যক্তি বা সংস্থাই বেদখল কৰিব নোৱাৰে যদিও এই বৃহৎ পৰিমাণৰ ভূমি কিদৰে বনীয়াই দখল কৰি আছে সেয়া এক ৰহস্যজনক বিষয় ৷

আনহাতে এই ক্ষেত্ৰত মটক জনগোষ্ঠীয় সংগঠনসমূহেও সোপাধিলা স্থিতি গ্ৰহণ কৰি গা এৰা দিয়া বুলি অভিযোগ উত্থাপন হৈছে ৷ ইফালে 2018 চনতে ন-পুখৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে অইলৰ CRSৰ ফাণ্ডৰ পৰা 4.40 কোটি টকা আৰু হেৰিটেজ পুখুৰী সৌন্দৰ্যবৰ্ধনৰ অধীনত বেংমৰা পুখুৰী, হেলুকীয়া পুখুৰী, বাটৰ পুখুৰীকে ধৰি মুঠ পাঁচটা পুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে CIDF ফাণ্ডৰ অধীনত 2 কোটি টকা আৱণ্টন হৈছিল ৷

কিন্তু সেই পুঁজি ব্যৱহাৰ হোৱা পৰিলক্ষিত নহ’ল ৷ আনহাতে, 2017 চনত তিনিচুকীয়া জিলা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে প্ৰদান কৰা প্ৰমাণ পত্ৰ অনুসৰি ন-পুখুৰীৰ নামত 66 বিঘা 4 কঠা 8 লেচা ভূমি সংৰক্ষিত হৈ আছে ৷ আৰু তিনিকোণীয়া পুখুৰীৰ নামত তিনি বিঘাৰো অধিক ভূমি সংৰক্ষিত হৈ আছে ৷ কিন্তু প্ৰশ্ন হয় যে এই বিশাল পৰিমাণৰ ভূমি সঁচাকৈয়ে সংৰক্ষণ হৈ আছেনে ?

ইয়াৰ বিপৰীতে বাটৰ পুখুৰীৰ নামত 4 বিঘা ত লেচা ভূমি, দেৱী পুখুৰীৰ নামত 4 বিঘা 2 কঠা 4 লেচা ভূমি, বেংমৰা পুখুৰীৰ নামত 5 বিঘা 4 কঠা 5 লেচা ভূমি, শেলেকুীয়া পুখুৰীৰ নামত 2 বিঘা 1 কঠা 3 লেচা ভূমি, বৰ গোধা পুখুৰীৰ নামত 1 বিঘা 4 কঠা 3 লেচা ভূমি, সৰু গোধা পুখুৰীৰ নামত 1 বিঘা 1 কঠা 4 লেচা ভূমি, বৰ পুখুৰীৰ নামত 9 বিঘা 2 কঠা 4 লেচা ভূমি, লেম টেম পুখুৰীৰ নামত 3 বিঘা 2 কঠা 4 লেচা ভূমি, ৰূপহী পুখুৰীৰ নামত 1 বিঘা 10 লেচা ভূমি সংৰক্ষিত হৈ আছে ৷

Share to your Social Account