![](https://www.bssnews.net/assets/news_photos/2023/06/10/image-130152-1686367006.jpg)
ইণ্টাৰনেশ্যনেল ডেস্ক, 10 জুনঃদক্ষিণ চোমালি চহৰ কোৰিঅ’লিৰ এখন খেলপথাৰত মৰ্টাৰ বিস্ফোৰণত কমেও ২৫ টা শিশু নিহত হৈছে ৷ একে সময়তে, এই বিস্ফোৰণত আন বহুলোকো আহতও হৈছে । কোৰিঅ’ল চহৰৰ উপ জিলা আয়ুক্ত আব্দি আহমেদ আলীক ছিনহুয়া সংবাদ সংস্থাই উদ্ধৃত কৰি কয় যে শুকুৰবাৰে সংঘটিত ঘটনাটো বোমা আৰু লেণ্ডমাইনৰ দৰে যুদ্ধৰ বিস্ফোৰক অৱশিষ্টাংশৰ ফলত সংঘটিত হৈছিল ৷ সেই সময়ত শিশুসকলে মুকলি পথাৰত খেলি আছিল ৷ দুৰ্ঘটনাটোৰ পিছত, 22 টা শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইফালে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ চিকৎসালয়লৈ নিয়াৰ পথত আন এটা শিশুৰ মৃত্যু হয় ৷ চিকিৎসালয়ত চিকিৎসাৰ সময়ত আৰু দুটা শিশুৰ মৃত্যু হৈছিল ৷ মৃত শিশু কেইটাৰ বয়স 10 ৰ পৰা 15 বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷