ফ্লাই অভাৰ নিৰ্মাণ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাস্তাই ৰাস্তাই বাগান কিনে-গৌৰৱ গগৈ

নিউজ ডেস্ক, ১ ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ । গোলাঘাটৰ এখন সভাত গৌৰৱ গগৈয়ে কয় যে-‘ফ্লাই অভাৰ নিৰ্মাণ হ’লেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাগানৰ সংখ্যা বৃদ্ধি পায় । ’

উল্লেখ্য যে, শেহতীয়াকৈ গুৱাটীত কেইবাখনো উৰণসেঁতু নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । আনহাতে গুৱাহাটীত বহুকেইখন উৰণসেঁতু নিৰ্মীয়মান অৱস্থাত আছে । এনে সময়তে সাংসদ গৌৰৱ গগৈয়ে ফ্লাই অভাৰ নিৰ্মাণ আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বাগানৰ মাজত সম্পৰ্ক বিচাৰি উলিয়াইছে । তেওঁ লগতে কয় যে-ফ্লাই অভাৰ নিৰ্মাণ হোৱাৰ লগে লগেই মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰাস্তাই ৰাস্তাই বাগান কিনা আৰম্ভ কৰে ।

স্মৰ্তব্য যে কিছুদিন পূৰ্বে গুৱাহাটীত মুকলি কৰা হৈছে ৪২০ কোটি টকা আৰু ৩১৬ কোটি টকা ব্যয়সাপেক্ষে ক্ৰমে মালিগাঁৱৰ উৰণসেঁতু আৰু জু-ৰোড উৰণসেঁতুখন । ১২৭ কোটি টকাৰে চুপাৰ মাৰ্কেটত নিৰ্মাণ কৰি উলিওৱা হৈছে আন এখন উৰণসেঁতু । ইয়াৰ সমান্তৰালভাৱে ৮৫৩ কোটি টকাৰে বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে নুনমাটিৰ পৰা ৰিজাৰ্ভ বেংকলৈ আন এখন ফ্লাইঅভাৰৰ কাম ৷

ইয়াৰ পাছতেই এতিয়া ৰাইজৰ মাজত চৰ্চা চলিছে যে কেৱল মুনাফাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই ব্যাপক হাৰত ফ্লাই অভাৰ নিৰ্মাণ কৰিছে ।

Share to your Social Account