ম্যানমাৰত ঘূৰ্ণী মোচাৰ তাণ্ডৱ; দুৰ্গতক সাহায্য প্ৰদানত বাধা সামৰিক জুণ্টাৰ

UNOCHA য়ে কয় যে ৰাখাইন, চিন আৰু কাচিন প্ৰদেশ, চাগাইং আৰু মেগৱে অঞ্চলত ঘূৰ্ণীবতাহৰ ফলত প্ৰায় 1.6 নিযুত লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ।

Share to your Social Account

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জুনঃম্যানমাৰৰ শাসনাধিষ্ঠ সামৰিক চৰকাৰে যোৱা মাহত ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহলৈ আন্তঃৰাষ্ট্ৰীয় সাহায্য সংগঠনসমূহৰ বাবে অনুমোদন স্থগিত ৰাখিছে, ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ে (ইউএনওচিএ) শুকুৰবাৰে সদৰী কৰে এই কথা ।

ইয়াৰ ফলস্বৰূপে পানী, খাদ্য আৰু ঔষধৰ দৰে গুৰুত্বপূৰ্ণ সহায়ৰ বিতৰণ স্থগিত হৈ পৰিছে ।উল্লেখ্য যে মোচা নামৰ ঘূৰ্ণীবতাহে যোৱা মাহত ম্যানমাৰ আৰু বাংলাদেশত ধ্বংস কৰিছিল হাজাৰ হাজাৰ ঘৰ ধ্বংস । গৃহহীন হৈছিল বহু লোক । এইটো ম্যানমাৰত আঘাত কৰা আটাইতকৈ শক্তিশালী ধুমুহাৰ এটা আছিল।

ৰাজ্যিক সংবাদ মাধ্যমৰ মতে পশ্চিম ৰাখাইন ৰাজ্যত কমেও ১৪৮ জন লোকৰ মৃত্যু হৈছিল আৰু ১,৮৬,০০০ তকৈও অধিক অট্টালিকা ধ্বংস হৈছিল।ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হোৱা নাই যে কিয় সামৰিক জুণ্টাই দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ দ্বাৰা প্ৰভাৱিত সম্প্ৰদায়সমূহক সাহায্য দিয়াত বাধা প্ৰদান কৰিছে ।

UNOCHA য়ে কয় যে ৰাখাইন, চিন আৰু কাচিন প্ৰদেশ, চাগাইং আৰু মেগৱে অঞ্চলত ঘূৰ্ণীবতাহৰ ফলত প্ৰায় 1.6 নিযুত লোক যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল । তথ্য অনুসৰি ১১৩,২০০ তকৈও অধিক লোকে সহায়ক গোটৰ পৰা আশ্ৰয় আৰু অন্যান্য সকাহ লাভ কৰিছে ।

আনহাতে কেৱল ৰাখাইনত ২৯৩, ৮০০ তকৈও অধিক লোকক খাদ্য বিতৰণ কৰা হৈছে । কিন্তু এতিয়া স্থগিত ৰখা হৈছে সাহায্য বিতৰণ প্ৰক্ৰিয়া।

Share to your Social Account