![](https://i0.wp.com/pressexclusive.in/wp-content/uploads/2022/11/IMG__82033_6323256d6a9e2-10.jpg?w=751&ssl=1)
নিউজ ডেস্ক, ১১ জুনঃ বড়োলেণ্ডত পুনৰ জন্ম হ’ল এটা নতুন সশস্ত্ৰ সংগঠনৰ । বড়ো লিবাৰেচন আৰ্মী হিচাপে নামকৰণ কৰা হৈছে সংগঠনটোক। অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা এক বিবৃতিত বিদ্ৰোহী সংগঠনটোৱে উল্লেখ কৰে যে ‘বড়োলেণ্ড’ৰ পৃথক ৰাজ্যৰ দাবীত বিটিআৰত এই নতুন সশস্ত্ৰ সংগঠনটো জন্ম দিয়া হৈছে ।
প্ৰেছ বাৰ্তা অনুসৰি সংগঠনটোৰ মূল সদস্যসকল হৈছে বি ডিডেনগ্ৰা (সভাপতি), বি ৰৌনগৌড়া (উপ-সভাপতি), বি আনখলাই (সেনা প্ৰধান) আৰু বি ভখাংচা (সাধাৰণ সম্পাদক)। উল্লেখ্য যে তৃতীয় বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে ২৭ জানুৱাৰী, ২০২০ তাৰিখে বড়োলেণ্ডলৈ শান্তি ঘূৰি আহিছিল । কিন্তু বিটিআৰ চুক্তিৰ আঢ়ৈ বছৰৰ ভিতৰত, পুনৰ এটা নতুন সশস্ত্ৰ সংগঠনৰ জন্ম হোৱাৰ খবৰ পোৱা গৈছিল।
![](https://updatenowne.in/wp-content/uploads/2023/06/IMG-20230611-WA0003.jpg)
সংগঠনটোৰ সভাপতি বি. ডেডেনগ্ৰাৰ নেতৃত্বত ফেব্ৰুৱাৰী মাহত নতুন সংগঠনটোৰ জন্মৰ বাতৰি কেইবাটাও হোৱাটছএপ গ্ৰুপত জৰুৰীকালীন নম্বৰৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে । জৰুৰীকালীন নম্বৰৰ পৰা সশস্ত্ৰ সংগঠনটোৱে জাৰি কৰা এক প্ৰেছ বিবৃতি অনুসৰি, সংগঠনটোৰ জন্ম হৈছে পৃথক বড়োলেণ্ডক মুখ্য দাবী হিচাপে লৈ ।