JNUৰ চৌহদত নিষিদ্ধ প্ৰতিবাদ- বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিলে স্পষ্টীকৰণ

নেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰতিবাদ নিষিদ্ধ কৰা বুলি এক নিৰ্দেশা ওলোৱাৰ পাছতে শিক্ষাৰ্থীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।
বিশ্ববিদ্যালয়খনৰ একাডেমিক ব্লকৰ ওচৰত প্ৰতিবাদ সীমিত কৰাৰ বিভ্ৰান্তি দূৰ কৰিবলৈ স্পষ্টীকৰণ প্ৰদান কৰিছে ।
JNU কৰ্তৃপক্ষই স্পষ্ট কৰি দিছে যে কোনো ধৰণৰ প্ৰতিবাদ কৰাৰ ওপৰত কোনো নিষেধাজ্ঞা নাই কিন্তু সংশোধিত Chief Proctor Officeৰ (চিপিঅ’) মেনুৱেল অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক ধৰ্ণা প্ৰতিবাদৰ বাবে বেলেগ ক্ষেত্ৰ নিৰ্ধাৰণ কৰা হৈছে ।
জাননীত কোৱা হৈছে, “আমি একো সলনি কৰা নাই। এই নিয়মবোৰ ইতিপূৰ্বে আছিল। শৈক্ষিক প্ৰক্ৰিয়াত কোনো ব্যাঘাত নহ’ব বুলি নিশ্চিত কৰিবলৈ আমি মাত্ৰ আন কেইটামান নিয়ম প্ৰৱৰ্তন কৰিছো। শিক্ষাৰ্থীসকলৰ এতিয়াও নিৰ্ধাৰিত স্থানত প্ৰতিবাদ কৰাৰ গণতান্ত্ৰিক অধিকাৰ আছে।”
মেনুৱেল অনুসৰি, শিক্ষাৰ্থীসকলক প্ৰতিবাদ কৰা বা ধৰ্ণা কৰা আৰু একাডেমিক ব্লকৰ ১০০ মিটাৰ পৰিসৰৰ ভিতৰত পোষ্টাৰ লগোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
নিৰ্ধাৰিত সীমাৰ বাহিৰত হোৱা প্ৰতিবাদৰ ফলত ২০,০০০ টকালৈকে জৰিমনা বা আনকি বহিষ্কাৰ হ’ব পাৰে আৰু যিকোনো “দেশবিৰোধী” আইনত জড়িত থাকিলে ১০,০০০ টকাৰ জৰিমনা হ’ব পাৰে।
চৌহদৰ সীমাবদ্ধ এলেকাসমূহত প্ৰতিবাদ কৰাৰ বাবে ২০,০০০ টকাৰ জৰিমনা শেহতীয়াকৈ যোগ কৰা হোৱা নাই, ই এটা বিদ্যমান নিয়ম।
নাম প্ৰকাশ নকৰাৰ চৰ্তত কোৱা এজন বিষয়াই জনোৱা অনুসৰি বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদে (ইচি) যোৱা মাহত সৰ্বসন্মতিক্ৰমে এই নিয়মটো অনুমোদন জনাইছিল।