IIT খড়গপুৰত তিনিচুকীয়াৰ ছাত্ৰক গুলীয়াই-ছুৰীৰে আক্ৰমণ কৰি হত্যা-পোহৰলৈ ভয়ংকৰ তথ্য
![](https://updatenowne.in/wp-content/uploads/2024/06/118-1024x576.jpg)
তিনিচুকয়ীয়া, ১৫ জুনঃ কলিকতাৰ IIT খড়পুৰত তিনিচুকীয়া জিলাৰ তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ফাইজান আহমেদৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পোহৰলৈ আহিল ভয়ংকৰ তথ্য । হোষ্টেলৰ কোঠাত ফাইজান আহমেদক গুলীয়াই-ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল । কবৰস্থ কৰা মৃতদেহ খান্দি উলিয়াই দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ পাছত পোহৰলৈ আহে এই ভয়ংকৰ ঘটনাৰ তথ্য ।
কি হৈছিল প্ৰকৃত ঘটনা ?
তিনিচুকীয়া জিলাৰ ফাইজান আহমেদ নামৰ খড়গপুৰ আই আই টিৰ তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰজনক ২০২২ চনৰ ১৪ অক্টোবৰত ছাত্ৰাৱাসৰ কোঠাত মৃত অৱস্থাত পোৱা গৈছিল । মৃতদেহ প্ৰত্যক্ষ কৰি ছাত্ৰজনৰ অভিভাৱকে পশ্চিমবংগৰ খড়গপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত গোচৰ তৰাৰ লগতে পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষককো তদন্তৰ বাবে অনুৰোধ জনাইছিল ।
সমগ্ৰ ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পেলোৱা এই মেধাবী ছাত্ৰজনৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ঘটনাৰ পুংখানুপুংখ অনুসন্ধানৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হস্তক্ষেপ কামনা কৰি আজি এক পত্ৰ প্ৰেৰণ কৰিছিল ৷
জানিব পৰা মতে, ফাইজান কেইবাদিনো ধৰি হোষ্টেলৰ কোঠাৰ পৰা ওলোৱা নাছিল ৷ ফাইজানক নেদেখি সহপাঠীৰ লগতে পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও ফাইজানে ফোনৰ প্ৰত্যুত্তৰ দিয়া নাছিল ৷ ফাইজানৰ এই কাৰ্যই সকলোকে চিন্তাত পেলাইছিল ৷
তাৰ পিছতে তেওঁৰ সহপাঠীসকলে দুৱাৰ খুলি কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে ফাইজানৰ মৃতদেহ মজিয়াত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ লগেলগে সহপাঠীসকলে আই.আই.টিৰ ছাত্ৰাবাসৰ নিৰাপত্তাৰক্ষীসকলক ঘটনাটো অৱগত কৰোৱায় ৷
সহপাঠীৰ ভাষ্য অনুসৰি ফাইজানে বাস কৰা ছাত্ৰাবাসৰ কোঠাটোত কেইবাদিনৰ পৰা দুৰ্গন্ধ ওলাই আছিল ৷ নিৰাপত্তাৰক্ষীয়ে খড়গপুৰ নগৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত জনায় ৷ খড়গপুৰ আৰক্ষীয়ে খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ ফাইজানৰ মৃতদেহ উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে হিজলি আউট পোষ্টৰ আৰক্ষীয়ে ছাত্ৰজনৰ মৃতদেহটো খড়গপুৰ উপ-বিভাগীয় চিকিৎসালয়লৈ লৈ যায় ৷
সমগ্ৰ ঘটনা হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল ফাইজানৰ পৰিয়ালে ?
ফাইজানৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাছিল তেওঁৰ পিতৃ-মাতৃয়ে । পিতৃ-মাতৃয়ে সন্দেহ কৰিছিল যে প্ৰকৃততে ফাইজানক হত্যা কৰা হৈছিল । খড়গপুৰ আৰক্ষীয়ে প্ৰথমে এইয়া আত্মহত্যা নে হত্যাৰ বলি হৈ ফাইজানে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷
ইয়াৰ পাছতে এই সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰা গঠিত এখন কমিটিয়ে প্ৰতিবেদন দাখিল কৰে য’ত ফাইজলৰ মূৰৰ পাচফালে আঘাতৰ চিহ্ন থকাৰ কথা উল্লেখ কৰা হয় ৷ কিন্তু আৰক্ষীৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হোৱা নাছিল ৷
যাৰ বাবে ফাইজানৰ মৃতদেহটো অসমলৈ আনি ডিব্ৰুগড়ত কবৰস্থ কৰা হয় । কিন্তু ফাইজানৰ পৰিয়ালে ঘটনাৰ ৰহস্য উদঘাটৰ বাবে আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল । সেয়ে ন্যায়ালয়ে পুনৰ সমগ্ৰ দিশটো পুণৰীক্ষণ কৰি প্ৰতিবেদন দাখিল কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়ে ৷
দ্বিতীয়বাৰৰ বাবে খান্দি উলিওৱা হ’ল ফাইজানৰ মৃতদেহ-
ন্যায়ালয়ে মৃত ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ দ্বিতীয়বাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে কলকাতালৈ লৈ যোৱাৰ নিৰ্দেশ দিয়ে । এই নিৰ্দেশনাৰ পাছতে কলিকতাৰ পৰা অহা পশ্চিম বংগৰ অপৰাধ অনুসন্ধান শাখাৰ এটা তদন্তকাৰী দলে ২০২৩ চনৰ ২৩ মে’ তাৰিখে ডিব্ৰুগড়ৰ পৰা কবৰস্থ কৰা মৃতদেহ খান্দি উলিয়াই আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে পুনৰ কলিকতালৈ বিমানযোগে লৈ যোৱা ।
প্ৰায় দুটা বৰ্ষ ধৰি চলোৱা তদন্তৰ অন্তত অৰ্থাত দ্বিতীয় মৰণোত্তৰ পৰীক্ষাত এই কথা পোহৰলৈ আহে যে, ফাইজানক প্ৰকৃততে ছুৰীৰে আঘাত কৰাৰ উপৰিও গুলীয়াই হত্যা কৰা হয় । এই ঘটনাত IIT খড়গপুৰ জড়িত থকাৰ অভিযোগ ফাইজানৰ পিতৃৰ। লগতে ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ফাইজানৰ পিতৃ-মাতৃয়ে ।