ইতিহাস ৰচি ফ্ৰেঞ্চ অপেন ২০২৩ ৰ খিতাপ জয় জকোভিচৰ

জকোভিচে এই খিতাপৰ সৈতে সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰাৰ ক্ষেত্ৰত স্পেইনৰ টেনিছ তাৰকা ৰাফেল নাদালক অতিক্ৰম কৰিছে।

Share to your Social Account

স্পৰ্টছ ডেস্ক, ১১ জুনঃ ছাৰ্বিয়ান টেনিছ তাৰকা নোভাক জকোভিচে ফ্ৰেঞ্চ অপেন ২০২৩ ৰ খিতাপ জয় কৰি ইতিহাস সৃষ্টি কৰিছে। দেওবাৰে (১১ জুন) খেলা পুৰুষৰ একক ফাইনেলত জকোভিচে নৰৱেৰ কাস্পাৰ ৰুডক ৭-৬, ৬-৩, ৭-৫ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ সৈতে, জকোভিচে তৃতীয়বাৰৰ বাবে ফ্ৰেঞ্চ অপেন খিতাপ জিকিছে।

বিশ্বৰ ৩ নম্বৰ-জকোভিচৰ বাবে এয়া গ্ৰেণ্ড শ্লেমৰ ৩৪ তম ফাইনেল আছিল, আনহাতে এয়া ৰুডৰ কেৰিয়াৰৰ তৃতীয় গ্ৰেণ্ড শ্লেম ফাইনেল আছিল। ৰুডে এতিয়ালৈকে এটাও গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰা নাই।জকোভিচে এই খিতাপৰ সৈতে সৰ্বাধিক গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰাৰ ক্ষেত্ৰত স্পেইনৰ টেনিছ তাৰকা ৰাফেল নাদালক অতিক্ৰম কৰিছে। জকোভিচে এতিয়ালৈকে সৰ্বাধিক ২৩ টা গ্ৰেণ্ড শ্লেম খিতাপ জিকিছে। আনহাতে নাদালৰ নামত ২২ টা গ্ৰেণ্ড শ্লেম খিতাপ আছে। 3 নম্বৰত আছে চুইজাৰলেণ্ডৰ ৰজাৰ ফেডাৰেৰ, যিয়ে 20 টা গ্ৰেণ্ড শ্লেম খিতাপ জিকিছে।

Share to your Social Account