![](https://updatenowne.in/wp-content/uploads/2023/06/20230610_185334-1024x576.jpg)
নিউজ ডেস্ক, ১০ জুনঃ তিনিচুকীয়াৰ তেল চুৰিকাণ্ডৰ সৈতে সাংবাদিক জড়িত ঘটনাৰ আন এক অভিযুক্তৰ আত্মসমৰ্পণ ৷ তেল চুৰিৰে জড়িত বলিন ৰাজপুত নামৰ লোকজনে আত্মসমৰ্পণ কৰে ৷ ধৃত বলিন ৰাজপুত তিনিচুকীয়াৰ মাকুমৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে জিলাখনত তেল চুৰিৰে জড়িত থকাৰ অভিযোগত ইতিমধ্যেই সাংবাদিক অমিত গগৈ আৰু বিজেপি কৰ্মী ৰাজা ৰায়ক গ্ৰেপ্তাৰ কৰা হৈছে ৷ ইফালে তেল চুৰিৰে জড়িত জনৈক সিং উপাধিৰ এজন লোক বহিঃৰাজ্যলৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে ৷
তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজৎ দিলীপে সদৰী কৰিছে এই কথা ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে ৷ আত্মসমৰ্পণ কৰা বলিন ৰাজপুতৰ আৰু অধীক তথ্য লাভ কৰাৰ সম্ভাৱনাৰ কথা সদৰী তিনিচুকীয়া আৰক্ষীৰ ৷