বনকৰ্মীৰ গুলীত আহত চোৰাং চিকাৰী

নিউজ ডেস্ক, 7 জুনঃ এইবাৰ বনকৰ্মীৰ গুলীত আহত হ’ল দুটা চোৰাং চিকাৰী ৷ মানাহ ৰাষ্ট্ৰীয় সংঘটিত হয় এই ঘটনা ৷ জানিব পৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনত এটা বনকৰ্মীৰ দলে অভিযান চলাই থকাৰ সময়তে দলটোক দেখি পলায়নৰ চেষ্টা কৰিছিল চোৰাং চিকাৰী দুটাই ৷ পলায়মৰ চেষ্টা কৰাৰ সময়তে গুলীচালনা কৰে বনকৰ্মীৰ দলটোৱে ৷ আহত দুই চোৰাং চিকাৰি ধৰ্মেন্দ্ৰ ৱাৰী আৰু গোপাল বাহাদুৰ মগৰ বুলি চিনাক্ত কৰা হৈছে ৷ হাতত গুলী বিদ্ধ হৈছে চোৰাং চিকাৰী দুটা ৷ চোৰাং চিকাৰী দুটাৰ পৰা পাঁচটা হস্তনিৰ্মিত বন্দুক আৰু বন গাহৰিৰ মাংস উদ্ধাৰ কৰা হৈছে ৷ দুয়োটা চোৰাং চিকাৰীক চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ৷ ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৷

Share to your Social Account