বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ “ছয় কোটি টকাৰ ৰঙালাওৰ জয়ঢোলটো” আৰু ৰবি শস্যৰ প্ৰকৃত ছবিখন
![](https://updatenowne.in/wp-content/uploads/2024/02/115-1024x576.jpg)
বোকাখাত(পল্লৱ হাজৰিকা), ২৯ ফেব্ৰুৱাৰীঃ বোকাখাত বিধান সভা সমষ্টিৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ প্ৰধান উপনৈ ধনশিৰি আৰু গেলাবিল নদীৰ উৰ্বৰ চাপৰি তথা অঞ্চলসমূহত কেইবা দশক পূৰ্বৰে পৰা স্থানীয় কৃষকসকলে ব্যাপক হাৰত কৰি আহিছে সৰিয়হ,ৰঙালাউ,কবি, বেঙেনাকে আদি কৰি ৰবি শস্যৰ খেতি।
তিনিওখন নদীৰে প্ৰলয়ংকাৰী বানপানী আৰু খহনীয়াৰ বাবে শালি খেতিৰ ওপৰত ইয়াৰ স্থানীয় কৃষকে বিশেষভাৱে আশা কৰিব নোৱাৰে বাবেই এই অঞ্চলসমুহত ব্যাপক হাৰত কৰা হয় ৰবি শস্যৰ খেতি।
“বানপানী খহনীয়াৰ বাবে আমি শালী খেতিত ইমান আশা কৰিব নোৱাৰো। ইফালে বানপানীত বা খহনীয়াত খেতিৰ লোকচান হয় যদিও চৰকাৰৰ ফালৰ পৰা আমি কোনোদিনেই ক্ষতিপূৰণৰ লাভ কৰা নাই, পানীত গ’লে গ’লেই আৰু। সেয়ে আমি পাচলি খেতিত বেছি গুৰুত্ব দিওঁ।”- কুৰুৱাবাহী চিনাকান গাঁৱৰ এজন কৃষকৰ মন্তব্য।
উল্লেখ কৰিবই লাগিব ইয়াৰ স্থানীয় কৃষকসকলৰ স্বাস্থ্য, সন্তানৰ শিক্ষা, ব্যৱসায়-বানিজ্য, বিবাহ আদিৰ বাবে নব্বৈৰ শতাংশই তেওঁলোক নিৰ্ভৰশীল উৎপাদিত ৰবি শস্যৰ ওপৰত।
![](https://updatenowne.in/wp-content/uploads/2024/02/weB1-1024x576.jpg)
কিন্তু এই উৰ্বৰ ৰবি শস্য পথাৰসমূহক এক আদৰ্শ কৃষিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰি ইয়াৰ কৃষকসকলৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াক বিজ্ঞানসন্মত কৰি তুলিবলৈ ৰাজ্যখনৰ বিয়াগোম কৃষি বিভাগটো কিমান আগ্ৰহী, লুপ্তপ্ৰায় থলুৱা বীজসমূহ সংৰক্ষণ কৰি জৈৱিক কৃষি প্ৰণালীৰে কৃষিভূমি উজ্জীৱিত কৰি তুলিবলৈ কিমান তৎপৰ ? এই প্ৰশ্নৰ সম্ভাব্য উত্তৰে স্বাভাবিকতেই হতাশ কৰিব আপোনাক।
কিয়নো দুটাকৈ কাৰ্যকাল বোকাখাত বিধানসভা সমষ্টিৰ গাদী দখল কৰি ৰাজ্যখনৰ কৃষি মন্ত্ৰীত্বৰ পদবী দখল কৰিবলৈ সক্ষম হোৱা অতুল বৰাই সমষ্টিটোৰ এই উৰ্বৰ ভূমিৰ ৰবি শস্যৰ ক্ষেত্ৰত বিশেষ কোনো বিজ্ঞানসন্মত আঁচনি ৰূপায়ন কৰা পৰিলক্ষিত নহ’ল।
যাৰ বাবে অধিকাংশ কৃষকেই বৰ্তমানেও পৰম্পৰাগত কৃষি প্ৰণালীৰেই কৃষি কাৰ্য কৰি অহাৰ লগতে কৃষি বিভাগৰ পৰা লাভ কৰা নাই বিশেষ কোনো সা-সুবিধা। ইয়াৰ বিপৰিতে এনে সা-সুবিধা সমূহ লাভ কৰি আহিছে একাংশ ছদ্মবেশী কৃষক তথা কৃষিমন্ত্ৰী গৰাকীৰ দলীয় নেতা পালিনেতাৰ পৰিয়ালে।
“সমষ্টিটোৰ খেতি পথাৰসমূহক আদৰ্শ কৃষিক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আমাৰ কৃষি মন্ত্ৰী গৰাকীৰ আগ্ৰহ আমি তেওঁৰ দুটাকৈ কাৰ্যকালত দেখা নাপালো। ৰাসায়নিক সাৰে পথাৰবোৰ ধ্বংস কৰিছে, জৈৱিক কৃষি প্ৰণালীৰ প্ৰতি কৃষকক উৎসাহিত কৰাৰ কোনো ব্যৱস্থা নাই, থলুৱা শস্যৰ গুটিবোৰ প্ৰায় শেষ – সেইবোৰৰ পুণৰ উদ্ধাৰ কৰি সংৰক্ষণৰ কোনো ব্যৱস্থা নাই।…. চৰকাৰী সুবিধা কোনোবাই কোনোবাই পাইছে, ভাল কথা। কিন্তু ভালকৈ অনুসন্ধান কৰিলে ওলাই পৰিব, হয় তাৰ বেছিভাগেই ছদ্মবেশী, নহয় মন্ত্ৰীক ভোট গোটাই দিয়া নেতা-পালি নেতাৰ পৰিয়ালৰ মানুহ…।” – ধনশিৰি চাপৰিৰ এজন জেষ্ঠ কৃষকৰ ক্ষোভ আছিল এনেধৰণৰ।
![](https://updatenowne.in/wp-content/uploads/2024/02/WEB3-1024x576.jpg)
একেবাৰে শেহতীয়াকৈ বোকাখাত বিধানসভা সমষ্টিৰ চহলা-চগুৰিৰ পৰা তিনি হাজাৰ বিঘা কৃষিভূমিত কৰা ছয় কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা হ’ব বুলি অত্যন্ত উৎসাহেৰে কৃষি মন্ত্ৰী অতুল বৰাই ঘোষণা কৰিছে, লগতে কৈছে এইসকল কৃষকে কৃষি বিভাগৰ পৰা যোগান ধৰা উন্নত প্ৰজাতিৰ বীজ Arjuna f1 আৰু Sw 137 ৰ ৰঙালাওৰ খেতি কৰিছিল।
আৰু সংবাদমাধ্যমত প্ৰকাশিত ইয়াৰ বাতৰিয়ে স্বাভাবিকতেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ সমান্তৰালভাৱেই প্ৰশ্ন হৈছে – এই ছয় কোটি টকাৰ ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কৰাটোয়েই বোকাখাত সমষ্টিটোৰ কৃষকসকলৰ বা ৰবি শস্য ক্ষেত্ৰখনৰ সৰ্বাংগীণ উন্নতিক সূচাইনে?
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত কোৱা হৈছে এই ছয়কোটি টকাৰ ৰঙালাও খেতি কৰিছে “বৃহংগম কৃষি উৎপাদক গোট” নামৰ এটা কৃষি গোটে। কিন্তু কৃষি মন্ত্ৰী অতুল বৰাৰ লগত ৰাজনৈতিক ভাৱে ঘনিষ্ঠ আৰু এই ৰাজনৈতিক ঘনিষ্ঠতাৰ বাবেই কৃষি বিভাগৰ বিভিন্ন সা-সুবিধাৰে পুষ্ট এই বৃহংগম কৃষি উৎপাদক গোটে বোকাখাত বিধান সভা সমষ্টিৰ বৃহত্তৰ কুৰুৱাবাহী, বংকোৱাল, ধনশিৰি চাপৰি, নিকৰি, ধনশিৰিমুখ, অগৰাতলি, জাপৰি পথাৰ, ডিফলু পথাৰ, মহুৰা, এলেংমাৰী, বৰাইখোৱা,ৰঙাগৰা, গেলাবিল চাপৰি, অফলা আদিৰ লাখ লাখ কৃষকক প্ৰতিনিধিত্ব কৰেনে?
যিসকল কৃষকে প্ৰতিবছৰেই ৰবি শস্যৰ বতৰত চৰকাৰী সা-সুবিধাৰ অবিহনেই কৃষি কাৰ্য সম্পাদন কৰি আহিছে। যিসকলে প্ৰতি বছৰেই গাঁঠিৰ ধন ভাঙি বীজ, সাৰ, কীটনাশক আদি দ্ৰব্য ক্ৰয় কৰিব লগীয়া হৈছে। যিসকলে ঘণ্টাৰ পাছত ঘণ্টা বোকাখাত মহকুমা কৃষি কাৰ্যালয়ৰ সন্মুখত অপেক্ষা কৰি এক কেজি ৰবি শস্যৰ বীজ পাবৰ বাবে হাহাকাৰ কৰিব লাগে । যদি নকৰে তেনে কৃষিমন্ত্ৰী গৰাকীৰ উক্ত “ছয় কোটি টকাৰ ৰঙালাওৰ বৰঢোল”টোৰ প্ৰতি তথাকথিত সংবাদ মাধ্যমৰ ইমান আগ্ৰহ কিয়?
![](https://updatenowne.in/wp-content/uploads/2024/02/WEB2-1024x576.jpg)
উল্লেখযোগ্যযোগ্য যে উক্ত “বৃহংগম কৃষি উৎপাদক গোট”ৰ কৃষকে কৰা বৃহৎ পৰিমাণৰ ৰঙালাও উৎপাদনৰ দৰেই বোকাখাত বিধান সভা সমষ্টিৰ বহু অঞ্চলত সমান্তৰাল ভাবেই যঠেষ্ট পৰিমানৰ ৰঙালাও চলিত বৰ্ষত কৃষকে নিজা খৰচত উৎপাদন কৰিছে । য’ত কৃষি মন্ত্ৰী অতুল বৰাৰ কিঞ্চিৎমানো অৱদান নথকাৰ কথা আৰু দুৰ্ভাগ্যজনকভাৱে কেৱল মধ্যভোগীৰ বাবেই এইসকল কৃষকে উৎপাদিত ৰঙালাওৰ প্ৰকৃত মূল্য নোপোৱাৰ কথাও ব্যক্ত কৰিছে খোদ ভুক্তভোগী কৃষকে নিজেই।
“আমিও Arjuna গুটিৰ ৰঙালাউৰ খেতি কৰিছো আৰু এইবাৰ খেতিও ভাল হৈছে। কিন্তু আমি চৰকাৰী গুটি পোৱা নাই। আমি Arjuna f1ৰ গুটি বজাৰৰ পৰা ১০ গ্ৰামত ২০৫ টকাকৈ কিনিছো। হালবোৱা, ভিটামিন দিয়া, সাৰ সকলো নিজৰ পকেটৰ। আৰু এতিয়া ৰঙালাও বেছি আছো ৭-৮ টকাকৈ প্ৰতি কিলোগ্ৰামত। ইয়াত চৰকাৰৰ কোনো অৱদান নাই। খৰচলৈ চালে বেপাৰীয়েহে ভাল দাম পায়। চৰকাৰে সকলোকে সমানে সহায় কৰা হ’লে আমিও লাভ খাবলৈ পালোহেতেন” – আন এজন কৃষকৰ মন্তব্য আছিল এনেধৰণৰ।
![](https://updatenowne.in/wp-content/uploads/2024/02/WEB4-1024x576.jpg)
গতিকে কৃষিমন্ত্ৰী গৰাকীৰ ভোটবেংক সুৰক্ষিত ৰখাৰ স্বাৰ্থত একাংশ অৱস্থাপন্ন কৃষকক (আৰু ছদ্মৱেশীও)কৃষি বিভাগৰ বিভিন্ন সা-সুবিধাৰে পুষ্ট কৰি আন একাংশ প্ৰকৃত আৰু দৰিদ্ৰ কৃষকক বঞ্চিত কৰি ৰবি শস্যৰ ক্ষেত্ৰখনত বোকাখাত বিধান সভা সমষ্টিয়ে বৃহৎ সফলতা লাভ কৰিছে বুলি ঢাকঢোল বজোৱাতো নিশ্চয়কৈয়ে এক বিৰাট কৌতুক।
ইফালেকৃষি মন্ত্ৰী গৰাকীয়ে নিজ সমষ্টি বোকাখাতৰ কৃষিখণ্ডৰ তথাকথিত সফলতাৰ জয়গান গোৱাৰ বিপৰীতে তেওঁৰ দুটাকৈ কাৰ্যকালত সংঘটিত হোৱা বানপানীত যি সকল নৈ পৰীয়া কৃষক আজিও ক্ষতিগ্ৰস্ত হৈয়েই থাকিল তেওঁলোকক কিন্তু বৰ্তমানলৈকে উচিত ক্ষতিপূৰণেই প্ৰদান নকৰিলে।
আনকি ২০২২ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে প্ৰবল বৃষ্টিপাতৰ বাবে সমষ্টিটোৰ কৃষকৰ যি বৃহৎ পৰিমাণৰ ৰঙালাও আৰু সৰিয়হ খেতিৰ লোকচান হৈছিল তাৰ ক্ষতিপূৰণৰ নামত “দহ বাই দহ” একোখন টিৰ্পাল দিয়েই প্ৰকৃত কৃষকক লজ্জানত কৰিছিল মন্ত্ৰী অতুল বৰাই।