কৃষিখণ্ডত কি কৰি আছে মন্ত্ৰী অতুল বৰাই ?পথাৰ এৰিছে বোকাখাতৰ কৃষক পৰিয়ালে
বোকাখাত, ৩১ আগষ্টঃ চলিত বৰ্ষৰ আগষ্ট মাহত বোকাখাত বিধান সভা সমষ্টিৰ নৈপৰীয়া অঞ্চল সমূহত বানপানীয়ে যি প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰিলে তাৰ ক্ষয় ক্ষতিৰ পৰা এতিয়াও পৰিত্ৰাণ পোৱা নাই সাধাৰণ কৃষক ৰাইজে। শালিখেতিৰ পৰিবৰ্তে যি বড়োধানৰ খেতি (বহু অঞ্চলত ইয়াক ‘মেচিন’ খেতি বুলি কোৱা হয়, কাৰণ জলসিঞ্চন অবিহনে এই খেতি সম্ভৱ নহয়) কৃষক ৰাইজে কৰিছিল তাৰ অধিকাংশয়েই পানীৰ তলত জাহ গ’ল আৰু যি সামান্য কৃষক ৰাইজে চপাবলৈ সক্ষম হৈছিল সেয়াও ভঁৰালৰ সৈতেই উটি গৈছিল বানপানীত।
ফলত বহুদুৰ পিছুৱাই গুছি গ’ল বোকাখাত বিধান সভা সমষ্টিৰ নৈপৰীয়া অঞ্চলৰ গ্ৰাম্য অৰ্থনীতি। তেনে প্ৰক্ষাপটত এইবাৰ হয়তো কৃষক ৰাইজে পূৰ্বতকৈও অধিক মনোনিবেশ কৰিব লাগিব ৰবি শস্যৰ খেতিত।
◾কোনে লাভ কৰে কৃষি বিভাগৰ সা-সুবিধা?
২০১৬ চনৰ পৰা বোকাখাত বিধান সভা সমষ্টি দখল কৰি থকা বিধায়ক-কৃষি মন্ত্ৰী অতুল বৰাই বিগত সময়চোৱাত সমষ্টিটোৰ কৃষক ৰাইজৰ বাবে ৰবি খেতিৰ বতৰত যি নামমাত্ৰ সহযোগিতা কৰি আহিছে তাক লৈ মুঠেও সন্তুষ্ট নহয় সমষ্টিটোৰ কৃষক ৰাইজ।
বহুসময়ত কৃষি বিভাগৰ পৰা আগবঢ়োৱা সা-সুবিধা সমষ্টিটোৰ একাংশ অৱস্থাবান কৃষকেহে লাভ কৰাৰ প্ৰসংগয়েহে চৰ্চা লাভ কৰি আহিছে। বিশেসকৈ ৰবি শস্যৰ বীজ, সাৰ, কীটনাশক আদি কৃষকে লাভ কৰাৰ ক্ষেত্ৰত বহু ছদ্মবেশী কৃষক আৰু অগপ-বিজেপি দলৰ নেতা-পালীনেতায়ে লাভ কৰি অহাৰ অভিযোগ আছে কৃষি বিভাগ আৰু মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে। লগতে বীজ, সাৰ, কীটনাশকৰ এখন ক’লা বজাৰো ছদ্মৱেশী কৃষকে চলাই থকাৰ অভিযোগো নতুন নহয়।
বিগত সময়চোৱাত কৃষি পথাৰত উপযুক্ত জল সিঞ্চনৰ ব্যৱস্থা কৰাৰ বহু প্ৰতিশ্ৰুতি মন্ত্ৰী গৰাকীয়ে দি গ’ল যদিও বোকাখাত বিধান সভা সমষ্টিৰ কিমানখন কৃষি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা হ’ল সেয়া লক্ষ্য কৰিবলৈ গ’লে সমষ্টিটোৰ কৃষি পথাৰৰ পৰা অত্যন্ত পুতৌ লগা এক দৃশ্যহে স্পষ্ট হয়।
◾পথাৰ এৰি বিকল্প সংস্থাপনৰ সন্ধান যুৱক-যুৱতীৰ
আনহাতে বিগত সময়চোৱাত সমষ্টিটোৰ সৰহসখ্যক অঞ্চলৰ পৰা দেখা যায় বহু কৃষকেই কৃষি পথাৰত শ্ৰম বিনিয়োগ কৰাতকৈ বিকল্প এখন শ্ৰমৰ বজাৰৰ প্ৰতিহে উৎসাহিত হৈছে ফলত একোটা পৰিয়ালৰ পৰম্পৰাগত কৃষি এৰি যুৱক-যুৱতীসকল শ্ৰমিকলৈ পৰিবৰ্তিত হৈছে। যি সমষ্টিটোৰ কৃষি অৰ্থনীতিৰ বাবে অনাগত সময়ত অতি ভয়ংকৰ বুলি নিশ্চয়কৈ বিবেচিত হ’ব।
বোকাখাত সমষ্টিটোৰ গ্ৰামাঞ্চল সমূহলৈ দৃষ্টি দিলে দেখা পোৱা যাব যে, এনে এখন গাওঁ হয়তো নোলাব য’ৰ পৰা কৃষি পথাৰ এৰি যুৱক-যুৱতী বিকল্প সংস্থাপনৰ বাবে বহিঃৰাজ্য বা অন্য ঠাইলৈ ওলাই যোৱা নাই। এনে সন্দেহো হয়তো অমূলক নহ’ব যে গ্ৰামাঞ্চলৰ যি ঐতিহাসিক কৃষি পৰম্পৰা যি মানুহৰ অৰ্থনৈতিক-সামাজিক আৰু সাংস্কৃতিক পৰিচয়ো বহন কৰি আহিছিল সি হয়তো সোনকালেই নোহোৱা হৈ যাব।
কৃষি ক্ষেত্ৰখনলৈ আহি পৰা এনে শংকা-বিপৰ্যয় আৰু সামগ্ৰিক অস্থিৰতাৰ প্ৰতি কৃষি মন্ত্ৰী অতুল বৰা কিমান সচেতন বিগত সময়চোৱাত সমষ্টিটোৰ ৰাইজে প্ৰত্যক্ষ কৰি আহিছে।
সমষ্টিবাসী ৰাইজৰ দূৰ্ভাগ্য এই যে সমষ্টিটোৰ কৃষিৰ ক্ষেত্ৰখনত মন্ত্ৰী অতুল বৰাই আজিৰ তাৰিখলৈকে কোনো বিজ্ঞানসন্মত আঁচনি গ্ৰহন কৰা পৰিলক্ষিত নহ’ল। যেনেদৰে সমষ্টিটোৰ অৱশিষ্ট কৃষকৰ পথাৰত নহ’ল জলসিঞ্চনৰ ব্যৱস্থা, তেনেদৰেই কৃষক সকলক কৃষিৰ প্ৰতি উৎসাহিত কৰিব পৰাকৈ নহ’ল সাৰ-বীজ-কীটনাশক আদি প্ৰয়োগ সম্পৰ্কে প্ৰশিক্ষণ আদিৰ ব্যৱস্থা, নহ’ল কৃষক ৰাইজে দাবী কৰাৰ দৰে পঞ্চায়তে পঞ্চয়তে শীতলীকৰণ ভাণ্ডাৰ (Cold Storage)ৰ ব্যৱস্থাও।
নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ণ পুঁজিৰে যি ‘বাকচ সদৃশ’ Cold Storage ৰ ব্যৱস্থা সমষ্টিটোৰ পানবাৰীত (বৃহত্তৰ সমষ্টিটোৰ একমাত্ৰ) কৰা হ’ল তাৰ পৰা কৃষক ৰাইজ কিমান উপকৃত হৈছে তাৰ প্ৰমান Cold Storageটোৰ পৰা দূৰণিবটীয়া কৃষকৰ অসন্তুষ্টিয়েই দি আহিছে।
গতিকে বোকাখাত সমষ্টিৰ কৃষক পৰিয়ালৰ যুৱক-যুৱতিসকল কৃষি পথাৰৰ পৰা কিয় লাহে লাহে আঁতৰি আহিবলৈ বাধ্য হৈছে তাৰ বিশ্লেষণ বিগত সময়ত চোৱাত আঞ্চলিকতাবাদ, অসম আন্দোলনৰ আবেগ সকলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ ওচৰত বন্ধকত থ’বলৈ সামান্যতমো লজ্জবোধ নকৰা মন্ত্ৰী অতুল বৰাই কিদৰে কৰিব? ইফালে কৃষি উন্নয়ণক বাদ দিও যদি বিগত সময়চোৱাত প্ৰাকৃতিক কাৰণত বিধ্বস্ত হোৱা কৃষকৰ ক্ষতিপূৰন, বীমা আদিৰ প্ৰসংগক লৈও মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰা হয় তেন্তে তেওঁ বাকৰুদ্ধ হ’বলৈ বাধ্য।
◾কৃষি খণ্ডৰ কেলেংকাৰীবোৰৰ তদন্ত কেতিয়া?
২০২২-২৩ বৰ্ষত বোকাখাতৰ গাভৰু চাপৰিত ৫০০০ হাজাৰ বিঘা কৃষিভূমি সামৰি কৃষিমন্ত্ৰী অতুল বৰাই গৰুখুটিৰ আৰ্হিত এক সমন্বিত কৃষি প্ৰকল্পৰ কাম হাতত লোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰা হৈছিল ।
কিন্তু গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়ল পৰা RTIৰ যোগেদি লাভ কৰা নথি-পত্ৰত উক্ত কৃষি প্ৰকল্পত মাত্ৰ ১০০ বিঘা মাটিতহে মাকৈৰ খেতি কৰা হৈছিল বুলি তথ্য ওলাল। অৰ্থাৎ গাভৰু চাপৰিত ৫০০০ হাজাৰ বিঘাৰ এক কৃষি প্ৰকল্পৰ কাম হাতত লোৱা হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ কৰাই সমষ্টিটোৰ কৃষকক ৰাম ঠগন দিছিল মন্ত্ৰী অতুল বৰাই।
ইফালে ১০০ বিঘা মাটিত মাকৈৰ খেতি কৰি কঠিয়ালে’ থ’বলৈও মাকৈৰ উৎপাদন নহ’ল উক্ত কৃষি প্ৰকল্পটোত। গোলাঘাট জিলা কৃষি বিষয়া কাৰ্যালয়লৰ পৰা দিয়া তথ্য মতে গৰু-ছাগলীৰ দানাহে হ’লগৈ মন্ত্ৰী অতুল বৰাৰ ১০০ বিঘা কৃষিভূমিৰ মাকৈ খেতি। আকৌ একেটা প্ৰকল্পতে ১০০০ বিঘাত কৰা মাটি মাহৰ খেতিৰ ফলাফলো অনুৰূপ। ১০০০ বিঘা মাটি মাহৰ খেতিত উৎপাদন হ’ল মাত্ৰ বিঘাত ১ কিঃগ্ৰাঃকৈহে মাটিমাহ।
আশ্চৰ্যজনক ভাবে এই খেতিৰ উন্নত বীজৰ নামত নামত কৰা খৰচ হৈছিল ৭,২২,২০,২৬২.৪০ টকা। বীজ ক্ৰয় কৰা হৈছিল Salasar Agro Service নামৰ গুৱাহাটীৰ এটা প্ৰতিষ্ঠানৰ পৰা কিন্তু কিয় এই বীজৰ পৰা আশানুৰূপ উৎপাদন পোৱা নগ’ল সেই ক্ষেত্ৰত সমষ্টিবাসী ৰাইজে তদন্তৰ দাবী কৰিছিল যদিও আজিৰ তাৰিখলৈকে মন্ত্ৰী অতুল বৰাৰ পৰা উত্তৰ পোৱা নগ’ল। স্বাভাৱিকতেই কৃষকক কৰা এনে প্ৰবঞ্চনাৰ সংবাদে কৃষকক নিৰাশ কৰা নাই নে?