খিলঞ্জীয়া অসমীয়াক অন্ধকাৰত ৰাখি নিৰ্লজ্জ আত্মসমৰ্পণ আলোচনাপন্থী আলফাৰ
![](https://updatenowne.in/wp-content/uploads/2023/10/ULFA-1-1024x576.jpg)
নিউজ ডেস্ক, ২৭ অক্টোবৰ: কাৰ্যতঃ পুনৰবাৰৰ বাবে আত্মসমৰ্পণ নেকি আলোচনাপন্থী আলফাৰ? অসমবাসীক অন্ধকাৰত ৰাখি কেন্দ্ৰীয় চৰকাৰৰে শান্তি চুক্তি সম্পাদন কৰিবলৈ কোনে অধিকাৰ দিলে আলোচনাপন্থী আলফাক? আলোচনাপন্থী আলফা অসমৰ ৰাইজৰ স্বয়ম্ভূ অভিভাৱক নেকি? এই প্ৰশ্ন এতিয়া ৰাজ্যবাসী জনতাৰ।
উল্লেখ্য যে যোৱা ২৫ অক্টোবৰ, বুধবাৰে কাজিৰঙাৰ বছাগাঁৱত ব্যক্তিগত পৰ্যটন নিবাস ৱাইল্ড গ্ৰাছত আলফাৰ আলোচনা পন্থী গোটৰ উপসভাপতি প্ৰদীপ গগৈৰ পৌৰোহিত্যত আলফাৰ প্ৰায় দুই শতাধিক সদস্যৰ উপস্থিতিত অন্তিমখন সাধাৰণ পৰিষদ অনুষ্ঠিত হয়। উক্ত সাধাৰণ পৰিষদৰ পিচতেই কেন্দ্ৰ চৰকাৰৰ ওচৰত আলোচনাপন্থী আলফাই দাখিল কৰা চুক্তিৰ খচৰা কেন্দ্ৰই মানি ল’লে আৰু অসম চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তিত স্বাক্ষৰ কৰি শান্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আনুষ্ঠানিকভাবে আলফা ভংগ কৰা হ’ব বুলি আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই সংবাদ মেলত জানিবলৈ দিয়ে।
মন কৰিবলগীয়া যে আলোচনাপন্থী আলফাৰ অন্তিমখন সাধাৰণ পৰিষদৰ সভা আৰু সংবাদ মেলত ঘোষণা কৰা সিদ্ধান্তসমূহে বিশেষ তাৎপৰ্য বহন কৰিছে। প্ৰশ্ন উঠিছে, সংগ্ৰামৰ নামত কালাতিপাত কৰা আলোচনাপন্থী আলফাৰ এয়া নিলৰ্জ্জ আত্মসমৰ্পণ নেকি/ কাৰণ আলোচনাপন্থী আলফাই অসম বিধান সভাৰ ৯৪ খন আসন দাবী কৰাৰ বাদে চুক্তিৰ খচৰাৰ বিষয়ে অসমবাসীক একো জনোৱা নাই।
ইফালে পৰেশ বৰুৱাৰ নেতৃত্বত আলফা স্বাধীনে সাৰ্বভৌমত্বৰ দাবীত সংগ্ৰামৰ ধাৰা অব্যাহত ৰখাৰ সময়ত আলোচনা পন্থী আলফাৰ চুক্তিৰ খচৰাক কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে কিমান গুৰুত্ব দিব তাক লৈয়ো প্ৰশ্ন উঠিছে। আলোচনাপন্থী আলফাই অসমৰ লাখ লাখ জনতাক অন্ধকাৰত ৰাখি যি শান্তি চুক্তিৰ খচৰা তৈয়াৰ কৰিছে সেয়া কিমান কাৰ্যকৰী হ’ব তাক লৈয়ো সন্দিহান হৈ উঠিছে ৰাজ্যখনৰে এচাম সচেতন লোক। অসমৰ সাৰ্বভৌমত্বৰ দাবীত গঢ়ি উঠা সংগ্ৰামখনত ইতিমধ্যে হেজাৰ হেজাৰ খিলঞ্জীয়া লোকে জীৱন দিবলগীয়া হ’ল।
শেষ হৈ গ’ল উঠি অহা এটা তেজাল প্ৰজন্ম। সম্ভাৱনাময় বহু যুৱক-যুৱতীয়ে অকালতে প্ৰাণ আহুতি দিবলগীয়া হ’ল। বহু গাভৰু-যুৱতী, তিৰোতা বলাৎকাৰৰ চিকাৰ হ’ল, নিৰ্যাতিতা হ’ল। বহু মুনিহ-তিৰোতা ঘুণীয়া হ’ল। এই পৰিপ্ৰেক্ষাত আলোচনাপন্থী আলফাই কৰা শান্তি চুক্তিয়ে অসমৰ নিৰ্যাতিত জনসাধাৰণক সকাহ দিব পাৰিবনে?
আত্মসমৰ্পণৰ মাধ্যমেৰে মূল সুঁতিলৈ অহা এইসকল নেতাই ৰাইজক অন্ধকাৰত ৰাখি কৰা চুক্তিয়ে পুনৰ ৰাজ্যবাসীৰ বাবে প্ৰতাৰণাৰ দলিল ৰচনা কৰিব নেকি? আমি আশা কৰো আলফা নামৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যাটোৰ স্থায়ী সমাধান হওক। কিন্তু সেয়া পুনৰবাৰৰ বাবে বঞ্চনা, অৱহেলাৰ নহওক আৰু আত্মসমৰ্পণৰ নিলৰ্জ্জ নজীৰ নহওক।