ভয়াৱহ খহনীয়াৰ কৱলত ডিৰাকৰ ন-দিহিংপৰীয়া অঞ্চল; ডুমডুমাত উত্তাল প্ৰতিবাদ
![](https://updatenowne.in/wp-content/uploads/2023/11/18-1024x576.jpg)
নিউজ ডেস্ক, ৮ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সমীপৰ ডিৰাক অঞ্চলৰ অন্তৰ্গত ন-দিহিংপৰীয়াৰ ৰাইজক সম্প্ৰতি বিধ্বংসী গৰাখহনীয়াই চিন্তিত কৰি তুলিছে ৷ দীৰ্ঘকালে ন-দিহিঙৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি ঘৰ-ভেঁটি নিচিহ্ন কৰি আহিছে ।
সদৌ মৰাণ ছাত্ৰ সন্থাই সমগ্ৰ ন-দিহিংপৰীয়া থেপাবাৰী, মজবাৰী, বগৰীবাৰী, ডিৰাকমুখ, ডিৰাক পাৱৈ, তৰাজনীয়া, হাঁহখাটি আদিকে ধৰি প্ৰায় কুৰিখন গাঁৱৰ গৰাখনীয়া সমস্যাৰ হকে দীৰ্ঘদিনে মাত মাতি আহিছে ।
বুধবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । দীৰ্ঘদিনে অঞ্চলবাসীক চৰকাৰখনে চৰম প্ৰতাৰণা কৰি বৃহত্তৰ ৰাইজে ভোগি অহা গৰাখহনীয়া সমস্যাৰ সমাধানত গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰি সমস্যাৰ স্থায়ী সমাধান বিচাৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
বিগত দিনত শদিয়া সমষ্টিৰ বিধায়ক বলিত চেতিয়াই এই সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত সেয়া প্ৰদান নকৰাত ৰাইজ ক্ষোভিত হৈ পৰাৰ ওপৰি এক বৃহৎ পৰিকল্পনাৰে গৰাখহনীয়াটোৰ সমাধানৰ দাবী উত্থাপন কৰে ৷