তিনিচুকীয়া জিলাৰ পৰা কেৱল ধন সংগ্ৰহ কৰে ৰাইজৰ দলে!
তিনিচুকীয়া, ১২ নৱেম্বৰ: বিগত পাঁচ নৱেম্বৰ তাৰিখে ৰাইজৰ দলৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে খেমকান্ত বৰাই । আপডেট নাউৰ হাতত আহি পৰিছে খেমকান্ত বৰাই কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিক দিয়া এইখন বিস্ফোৰক পদত্যাগ পত্ৰ ।
ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিক দোষাৰোপ কৰি প্ৰদান কৰা এই পত্ৰখনত খেমকান্ত বৰাই স্পষ্টভাৱে উল্লেখ কৰিছে যে কেন্দ্ৰীয় সমিতিৰ কিছু বিষয়ববীয়াই তিনিচুকীয়া জিলাক কেৱল ধন সংগ্ৰহৰ বাবেহে ব্যৱহাৰ কৰিছে । দল চলাবলৈ টকা সংগ্ৰহৰ বাবে তিনিচুকীয়া জিলাক ব্যৱহাৰ কৰি দলটোৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই কেন্দ্ৰীয় নেতৃত্বই ।
জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰাৰ কাৰণ উল্লেখ কৰি খেমকান্ত বৰাই লগতে অভিযোগ উত্থাপন কৰিছে যে সাংগঠনিক ক্ষেত্ৰখন সৱল কৰিবলৈ দলটোৰ নেতৃত্বই গ্ৰহণ কৰা নাই যথোপযুক্ত ব্যৱস্থা ।
২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো দলেই নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়ত জিলা পৰ্যায়ৰ এগৰাকী নেতাই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰা বিষয়টো দলটোৰ একাংশ বিষয়-ববীয়াৰ মাজতে চৰ্চাৰ কাৰণ হৈ পৰিছে ।
উল্লেখ্য যে ৰাইজৰ দলে এতিয়াও সংখ্যাগৰিষ্ঠ ৰাইজৰ মাজলৈ সোমোৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব পৰা নাই৷ দলটোৰ সাংগঠিক ভেটি সৱল নোহোৱাৰ বাবেই ২০২৪ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থি প্ৰক্ষেপ কৰাৰ পৰা বিৰত থাকিল ৰাইজৰ দল । এনে পৰিস্থিতিত কেন্দ্ৰীয় নেতৃত্বৰ এনে মইমতালিয়ে দলটোক যে ক্ষতিগ্ৰস্ত কৰিব সেয়া স্পষ্ট হৈ পৰিছে ।