গঠন হ’ল আলফা (স্বা:)ৰ নিম্ন পৰিষদৰ নতুন কাৰ্যকৰী সমিতি-চাওক সবিশেষ
তিনিচুকীয়া, ৯ জুন: পুনৰ গঠন কৰা হ’ল আলফা স্বাধীনৰ নিম্ন পৰিষদৰ কাৰ্যকৰী সমিতিখন । উচ্চতম পৰিষদে সাম্প্ৰতিক প্ৰেক্ষাপটৰ সকলো দিশ পর্যালোচনাৰ অন্তত নিম্ন পৰিষদৰ আন্তঃগাঁথনিত এক নতুন বিভাগ অন্তৰ্ভুক্তিৰে কাৰ্যকৰী-সমিতিখন পুনর্গঠনৰ উদ্দেশ্যে সর্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে বুলি সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি সদৰী কৰে সংগঠনটোৱে ।
উল্লেখ্য বিগত ২ জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে এই নতুন সমিতিখন । নিম্ন পৰিষদৰ কাৰ্যকৰী সমিতিত আছে-
(১) পর্যবেক্ষক লেঃ জেনেৰেল মাইকেল অসম।
(২) সভাপতি লেঃ জেনেৰেল নয়ন অসম।
(৩) উপ-সভাপতি- সভাপতিৰ ওপৰত অতিৰিক্ত দায়িত্ব ন্যস্ত থাকিব।
(৪) সাধাৰণ সম্পাদক তথা বিত্ত সম্পাদক- মেজৰ জেনেৰেল অৰুণোদয় অসম।
(৫) যুটীয়া সহকাৰী বিত্ত সম্পাদক- ব্রিগেডিয়াৰ গণেশ অসম আৰু ব্রিগেডিয়াৰ ৰূপম অসম।
(৬) সাংগঠনিক সম্পাদক- মেজৰ জেনেৰেল [অবৈতনিক] সমীৰণ অসম।
(৭) যুটীয়া সহকাৰী সাংগঠনিক সম্পাদক /সম্পাদিকা – ২য় লেফটেনেন্ট জিৎ অসম আৰু ২য় লেফটেনেন্ট সংগীতা অসম।
(৮) সাংস্কৃতিক সম্পাদক- মেজৰ জেনেৰেল [অবৈতনিক] সুজিত অসম।
(৯) যুটীয়া সহকাৰী সাংস্কৃতিক সম্পাদক- লেঃ কর্ণেল [অবৈতনিক] দীপাংকৰ অসম আৰু ২য় লেফটেনেন্ট অনুৰাগ অসম।
(১০) সম্পাদক, জনস্বাস্থ্য বিভাগ – কর্ণেল প্রাণময় অসম।
(১১) ভাৰপ্ৰাপ্ত প্ৰচাৰ সম্পাদক- মেজৰ আইচেং অসম।
(১২) সহকাৰী প্ৰচাৰ সম্পাদক- ২য় লেফটেনেন্ট ঈশান অসম।
(১৩) কাৰ্য্যালয় পৰিচালক লেঃ কর্ণেল প্রজীত অসম।
(১৪) সহকাৰী কাৰ্য্যালয় পৰিচালক- ২য় লেফটেনেন্ট চের্জা অসম।
(১৫) জ্যেষ্ঠতাৰ ভিত্তিত সামৰিক বিভাগৰ পাঁচ গৰাকী সন্মানীয় আয়োগ বিষয়া।
(১৭) উচ্চতম পৰিষদৰ মাননীয় সভাপতি মহাশয়ৰ ওপৰত বৈদেশিক সম্পাদকৰ দায়িত্ব সাময়িকভাৱে ন্যস্ত থাকিব।
সংবাদ মাধ্যমলৈ বিবৃতি প্ৰদান কৰি আলফা স্বাধীনে প্ৰকাশ কৰিছে এই কথা ।